নতুন দিল্লী, ০৮ নৱেম্বৰ (হি.স.)। চলি থকা আইচিচি বিশ্বকাপ ২০২৩ত নিজৰ তাৰকাময় প্ৰদৰ্শনৰ বাবেই বুধবাৰে ভাৰতীয় অ’পেনাৰ শুভমন গিলে পাকিস্তানী অধিনায়ক বাবৰ আজমক অতিক্ৰম কৰি আইচিচিৰ এদিনীয়া ৰেংকিঙত শীৰ্ষস্থান দখল কৰে। ইয়াৰ লগে লগে গিল শীৰ্ষ স্থান দখল কৰা চতুৰ্থজন ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয়। গিলৰ পূৰ্বে শচীন টেণ্ডুলকাৰ, এম এছ ধোনী আৰু বিৰাট কোহলী ৰেংকিঙৰ শীৰ্ষত আছিল।
সোঁহাতৰ বেটছমেন গিলে শ্ৰীলংকাৰ বিৰুদ্ধে ৯২ ৰান আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ২৩ ৰান সংগ্ৰহ কৰিছে আৰু বৰ্তমানলৈকে চলিত প্ৰতিযোগিতাত তেওঁ ৬ ইনিংছত ২১৯ ৰান সংগ্ৰহ কৰিছে। একে সময়তে পাকিস্তানৰ অধিনায়ক বাবৰ আজমে বিশ্বকাপত ৮ ইনিংছত ২৮২ ৰান সংগ্ৰহ কৰিছে, যাৰ বাবে তেওঁ গিলৰ পৰা ৬ ৰেটিং পইণ্ট পিছ পৰি দ্বিতীয় স্থানলৈ আহিছে। ইয়াৰ লগে লগে বিশ্বৰ শীৰ্ষ এদিনীয়া বেটছমেন হিচাপে বাবৰৰ দুবছৰতকৈ অধিক সময়ৰ ৰাজত্বৰ অন্ত পৰিল। ইফালে ভাৰতীয় প্রাক্তন অধিনায়ক বিৰাট কোহলীয়ে ৰেংকিঙত চতুর্থ স্থান দখল কৰিছে ৷
গিলে নিজৰ চুটি কিন্তু বিশিষ্ট কেৰিয়াৰত প্ৰথমবাৰৰ বাবে শীৰ্ষস্থান দখল কৰাৰ লগতে তৃতীয় স্থানত আছে দক্ষিণ আফ্ৰিকাৰ অ’পেনাৰ কুইণ্টন ডি ককে, যিয়ে ২০২৩ চনৰ বিশ্বকাপত এতিয়ালৈকে চাৰিটা শতকৰে ৫৪৩ ৰান সংগ্ৰহ কৰিছে। ভাৰতীয় বেটছমেন শ্ৰেয়ছ আয়েৰে এদিনীয়া বেটছমেনৰ তালিকাত ১৭ স্থান জপিয়াই ১৮ নম্বৰত উপস্থিত হৈছে, পাকিস্তানৰ অ’পেনাৰ ফখৰ জামানে তিনিটা স্থান ওপৰলৈ ১১ নম্বৰ আৰু আফগানিস্তানৰ ইব্ৰাহিম জাদ্ৰানে ৬ স্থান আগুৱাই ১২ নম্বৰ স্থান লাভ কৰিছে।
হিন্দুস্তান সমাচাৰ/সুনীল/মনোজ
