• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > জৈৱিক কৃষিৰ পৰিসৰ ৫০ শতাংশলৈ বৃদ্ধি কৰাৰ প্ৰয়োজনঃ অমিত শ্বাহ
National

জৈৱিক কৃষিৰ পৰিসৰ ৫০ শতাংশলৈ বৃদ্ধি কৰাৰ প্ৰয়োজনঃ অমিত শ্বাহ

CliQ INDIA
Last updated: November 8, 2023 11:00 pm
CliQ INDIA
Share
4 Min Read
SHARE

নতুন দিল্লী, ০৮ নৱেম্বৰ (হি.স.)। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে কয় যে আমি দেশত জৈৱিক কৃষিৰ পৰিসৰ ৫০ শতাংশলৈ লৈ যোৱাটো প্ৰয়োজন। আজি আমি খাদ্য শস্য খণ্ডত স্বাৱলম্বী হৈছো যদিও এতিয়া জৈৱিক সামগ্ৰী দেশ আৰু বিশ্বলৈ লৈ যোৱাৰ সময়। এই দিশত কৃষকসকলক সহায় কৰিব নেশ্যনেল ক’অপাৰেটিভ অৰ্গেনিকছ লিমিটেড চমুকৈ এন চি অ’এলে। এই সংস্থাই কৃষকসকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰী ক্ৰয়, পেকেজিং, বিপণন, সংৰক্ষণ, বিতৰণ আদিত সহায় কৰিব। কৃষকৰ উৎপাদিত সামগ্ৰীৰ প্ৰমাণীকৰণতো সহায় কৰিব এন চি অ’এলে।

বুধবাৰে পুছাৰ আইচিএআৰ কনভেনচন চেণ্টাৰৰ এনএএছচি কমপ্লেক্সত আয়োজিত “ৰাষ্ট্ৰীয় সমবায় জৈৱিক লিমিটেডৰ জৰিয়তে জৈৱিক সামগ্ৰীৰ প্ৰসাৰ” শীৰ্ষক ৰাষ্ট্ৰীয় আলোচনা চক্ৰত ভাষণ দি শ্বাহে কয় যে জৈৱিক কৃষিৰ ক্ষেত্ৰত এটা ভুল ধাৰণা আছিল যে ইয়াৰ ফলত উৎপাদন হ্ৰাস পায় যদিও আজি বহু কৃষকৰ এই ভ্ৰমটো ভাঙিছে। জৈৱিক খেতি কৰি কৃষকে উৎপাদিত সামগ্ৰীৰ লগতে আয়ো বৃদ্ধি কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ ইয়ীৰ বহু সফল মডেল আছে। জৈৱিক সামগ্ৰীৰ প্ৰচাৰৰ বাবেও কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। সেইবাবেই মোডী চৰকাৰে নেচনেল ক’অপাৰেটিভ অৰ্গেনিকছ লিমিটেড (এন চি অ’ এল) গঠন কৰিছিল। ইয়াৰ জৰিয়তে ভাৰতীয় জৈৱিক সামগ্ৰী দেশ আৰু বিশ্বলৈ প্ৰেৰণ কৰা হ’ব।

আগন্তুক দিনত এন চি অ’ এল জৈৱিক সামগ্ৰীৰ ক্ষেত্ৰত এক বিশ্বাসযোগ্য ব্ৰেণ্ড হিচাপে পৰিগণিত হ’ব বুলিও শ্বাহে কয়। আজি ইয়াৰ ০৬টা জৈৱিক সামগ্ৰী মুকলি কৰা হৈছে। অনাগত দিনত এন চি অ’লে ভাৰতীয় জৈৱিক সামগ্ৰী সমগ্ৰ বিশ্বলৈ যোগান ধৰিব। ই এক বিশ্বাসযোগ্য ব্ৰেণ্ডত পৰিণত হ’ব।

শ্বাহে কয় যে মোডী চৰকাৰে সমবায় শক্তিশালী কৰাৰ সংকল্প লৈ আগবাঢ়িছে। দেশৰ প্ৰায় ৯০ শতাংশ জনসাধাৰণ কোনোবা নহয় কোনোবা প্ৰকাৰে সমবায় আন্দোলনৰ লগত জড়িত। আমি একেলগে জৈৱিক কৃষিৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব। এই দিশত চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰিছে। শ্বাহে কৃষকসকলক জৈৱিক খেতিৰ ফালে মুখ কৰিবলৈ অনুৰোধ জনায়। ৰাসায়নিক সাৰৰ ব্যৱহাৰ কমাই দিব।

কাৰ্যসূচীৰ সময়ত শ্বাহে নেশ্যনেল ক’অপাৰেটিভ অৰ্গেনিকছ লিমিটেডৰ ল’গ’, ৱেবছাইট আৰু ব্ৰ’চাৰ মুকলি কৰে। ইয়াৰ মাজতে শ্বাহে এন চি অ’ এলৰ সদস্যসকলক সদস্যপদৰ প্ৰমাণ পত্ৰও বিতৰণ কৰে। এই এদিনীয়া আলোচনা চক্ৰত এন চি অ’ এলৰ উদ্দেশ্য, জৈৱিক সামগ্ৰীৰ গুৰুত্বৰ লগতে ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকৰ উত্থানত সমবায়ৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা হ’ব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সমবায়ৰ জৰিয়তে সমৃদ্ধিৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এন চি অ’ এলক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুৰাজ্যিক সমবায় সমিতি হিচাপে গঠন কৰা হৈছে যাতে ভাৰতক জৈৱিক সামগ্ৰীৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে গঢ়ি তোলা হৈছে। দেশৰ সমবায় আন্দোলনক শক্তিশালী কৰাৰ বাবে বিগত ২৭ মাহত সহযোগিতা মন্ত্ৰালয়ে ৫৪টা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমবায় সমাজ প্ৰতিষ্ঠা গ্ৰাম্য অৰ্থনীতি, “মেক ইন ইণ্ডিয়া”, “আত্মনিৰ্ভৰ ভাৰত” আৰু জৈৱিক সামগ্ৰীৰ “লোকেল টু গ্ল’বেল” প্ৰচাৰৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এন চি অ’ এলৰ লক্ষ্য হৈছে জৈৱিক কৃষক আৰু উৎপাদক সংস্থাসমূহক প্ৰত্যক্ষভাৱে বজাৰত প্ৰৱেশৰ সুবিধা প্ৰদান কৰি উৎপাদিত সামগ্ৰীৰ ওপৰত লাভ বৃদ্ধি কৰা। এটা শক্তিশালী ব্ৰেণ্ডৰ অধীনত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰিলে এনচিঅ’এলৰ সদস্যসকলে তেওঁলোকৰ জৈৱিক সামগ্ৰীৰ বাবে উন্নত লাভ লাভ কৰিবলৈ সক্ষম হ’ব।

এই অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসন, বহু ৰাজ্যিক সমবায় সমিতি, বিত্তীয় প্ৰতিষ্ঠান, সমবায় সংঘ, জিলা সমবায় সংঘ, জৈৱিক প্ৰমাণীকৰণ সংস্থা আৰু পৰীক্ষণ পৰীক্ষাগাৰৰ বিষয়ববীয়া, জৈৱিক খণ্ডৰ বিশেষজ্ঞ আৰু অন্যান্য জৈৱিক উৎপাদকসকলে অংশগ্ৰহণ কৰিব দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অংশীদাৰসকলক অংশগ্ৰহণ কৰিবলৈ দিল্লীলৈ আহিছে ১০০০ৰো অধিক অংশগ্ৰহণকাৰী।

২০২৩ চনৰ ২৫ জানুৱাৰীত বহু ৰাজ্যিক সমবায় সমিতি আইন, ২০০২ৰ অধীনত এনচিঅ’এলৰ পঞ্জীয়ন কৰা হৈছিল। দেশৰ তিনিখন প্ৰধান সমবায় সমিতি – ৰাষ্ট্ৰীয় সমবায় গ্ৰাহক ফেডাৰেচন অৱ ইণ্ডিয়া লিমিটেড (এন চি চি এফ), গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেচন লিমিটেড (জি চি এম এম এফ) আৰু ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন অৱ ইণ্ডিয়া লিমিটেড (এন এ এফ ই ডি) আৰু ভাৰত চৰকাৰৰ দুটা প্ৰধান বিধিগত সংস্থা ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন নিগম (এনডিডিচি) ব’ৰ্ড (এনডিডিবি) আৰু ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগমে (এনচিডিচি) যৌথভাৱে এনচিঅ’এলৰ প্ৰসাৰ কৰিছে।

হিন্দুস্থান সমাচাৰ/আশুতোষ/মনোজ

You Might Also Like

মহামান্য মালৱ্যৰ জন্ম বাৰ্ষিকীত উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী তথা অন্যান্যৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
কেন্দ্রীয় চৰকাৰে আজি লোকসভাত উত্থাপন কৰিব প্রধানমন্ত্রী, মুখ্যমন্ত্রী আৰু মন্ত্রীসকলক অপসাৰণ বিষয়ক গুৰুত্বপূর্ণ বিধেয়ক
শক্তি সংকটৰ চাপত ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৯৪.৭ লৈ সৰ্বকালৰ নিম্নগামী
এনসিএলএটি ভেদান্তার আবেদনকে প্রত্যাখ্যান করে, জয়পুর এছোচিয়েটস সমাধানের জন্য আদানির বিডকে বহাল রাখে
পুলৱামা এনকাউণ্টাৰত নিহত লস্কৰ-এ-তৈয়বাৰ সন্ত্ৰাসবাদী

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article এছ এণ্ড পিয়ে ছয় শতাংশত অপৰিৱৰ্তিত ৰাখিলে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ পূৰ্বানুমান
Next Article জামুগুৰিহাটত শ শ বিঘা পকা ধানত শুৰ পোকৰ তাণ্ডৱ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?