
হোজাই, ০৮ নৱেম্বৰ (হি.স.): হোজাই আৰক্ষীৰ জালত পৰিছে কেইবা লক্ষাধিক টকাৰ ড্ৰাগছসহ এজন সৰহবৰাহকাৰী। আৰক্ষীয়ে ৰামপুৰবস্তিৰ পৰা গোপন সূত্ৰৰ পম খেদি মঙলবাৰে নিশা ড্ৰাগছসহ আটক কৰে এজন সৰহবৰাহকাৰীক। আটকাধীন লোকজনৰ নাম ৰঞ্জিত সিংহ বুলি জানিব পৰা গৈছে।
হোজাই থানাৰ চহৰ উপ পৰিদৰ্শক চিন্ময় বৰাৰ নেতৃত্বত চলিছিল এই গোপন অভিযান। ধৃত ৰঞ্জিত সিংহৰ পৰা ৭টা ড্ৰাগছভৰ্ত্তি চাবোনকেচ জব্দ কৰে আৰক্ষীয়ে। জব্দকৃত ড্ৰাগছখিনি ধৃত ৰঞ্জিত সিংহই বিক্ৰীৰ বাবে ডিমাপুৰৰ পৰা ট্ৰেইনযোগে হোজাইলৈ সৰহবৰাহ কৰিছিল। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত বৰ্তমানে অব্যাহত ৰাখিছে তদন্ত।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
