-ইডিৰ অনুৰোধত নিষিদ্ধ মহাদেৱ এপকে ধৰি ২২টা অবৈধ জুৱা এপ
নতুন দিল্লী, ০৬ নৱেম্বৰ (হি.স.)। কেন্দ্ৰীয় চৰকাৰে মহাদেৱ বুক আৰু ৰেড্ডীআন্নাপ্ৰেষ্টোপ্ৰ’কে ধৰি ২২টা অবৈধ জুৱা এপ আৰু ৱেবছাইট নিষিদ্ধ কৰিছে। প্ৰৱৰ্তন সঞ্চালকালয় (ইডি)ৰ অনুৰোধত চৰকাৰে এই নিৰ্দেশ জাৰি কৰিছে।
ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে যোৱা কালি শেষ নিশা মহাদেৱ বুক আৰু ৰেড্ডীআন্নাপ্ৰেষ্টোপ্ৰ’কে ধৰি ২২টা অবৈধ জুৱা প্লেটফৰ্ম নিষিদ্ধ কৰাৰ নিৰ্দেশ জাৰি কৰে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ইডিয়ে ছত্তীশগড়ত মহাদেৱ বুকত অভিযান চলাই তদন্ত কৰি কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ দিছিল।
কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে এক বিবৃতিত কয় যে ছত্তীশগড় চৰকাৰে এই প্লেটফৰ্মসমূহ বন্ধ কৰাৰ অধিকাৰ আছিল যদিও এই প্লেটফৰ্মসমূহ নিষিদ্ধ কৰিবলৈ অনুৰোধ কৰা নাছিল। চন্দ্ৰশেখৰে কয় যে ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে মহাদেৱ বুক আৰু ৰেড্ডীআন্নাপ্ৰেষ্টোপ্ৰ’কে ধৰি ২২টা অবৈধ জুৱা এপ আৰু ৱেবছাইট নিষিদ্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে।
উল্লেখযোগ্য যে মহাদেৱ এপ গোচৰত ইডিয়ে ছত্তীশগড়ৰ পৰা প্ৰায় ৫ কোটি টকাৰ নগদ ধন জব্দ কৰিছে। যোৱা সপ্তাহত জাৰি কৰা এক বিবৃতিত কেন্দ্ৰীয় অনুসন্ধান সংস্থাই দাবী কৰিছিল যে মহাদেৱ জুৱা এপৰ প্ৰমোটাৰসকলে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলক ৫০৮ কোটি টকা দিছে। এই গোচৰত ইডিয়ে ধন সৰবৰাহৰ অভিযোগত ছত্তীশগড় আৰক্ষীৰ কনিষ্টবল ভীম সিং যাদৱ আৰু অসীম দাসক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ পূৰ্বে ছেপ্টেম্বৰ মাহত ইডিয়ে মহাদেৱ এপৰ সৈতে জড়িত ৪১৭ কোটি টকাৰ সম্পত্তি জব্দ কৰিছিল।
হিন্দুস্থান সমাচাৰ/প্ৰজেশ শংকৰ/মনোজ/অৰবিন্দ
