• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ২১ লাখ বন্তিৰে আলোকিত হ'ব অযোধ্যা, পুনৰ গঢ়িব অভিলেখ
National

২১ লাখ বন্তিৰে আলোকিত হ'ব অযোধ্যা, পুনৰ গঢ়িব অভিলেখ

CliQ INDIA
Last updated: November 6, 2023 11:00 am
CliQ INDIA
Share
4 Min Read
SHARE

-শান্তি, নিৰাপত্তা আৰু সম্প্ৰীতিৰ পৰিৱেশত পালন কৰা হ’ব এই উৎসৱ

– মুখ্যমন্ত্ৰী যোগীৰ দীপোৎসৱ, হনুমান জয়ন্তী, দীপাৱলী আদি উৎসৱৰ সুকলমে আয়োজনৰ বাবে নিৰ্দেশনা

অযোধ্যা, ০৬ নৱেম্বৰ (হি.স.)। উত্তৰ প্ৰদেশৰ শ্ৰী অযোধ্যাত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নেতৃত্বত উদযাপন কৰা দীপোৎসৱত পুনৰবাৰ বিশ্ব অভিলেখ গঢ়িবলৈ প্ৰস্তুতি অব্যাহত আছে। ২১ লাখ বন্তিৰে অৱধপুৰীক আলোকিত কৰাৰ প্ৰস্তুতি চলি আছে।

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰশাসনিক আৰু আৰক্ষী বিষয়াৰ সৈতে হোৱা বৈঠকত এই সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনাও প্ৰদান কৰিছে।

উল্লেখযোগ্য যে অযোধ্যা দীপোৎসৱৰ এই কাৰ্যসূচীৰ ভব্যতাৰ বাবে এতিয়া ই সমগ্ৰ বিশ্বতে স্বীকৃতি লাভ কৰিছে। এনে পৰিস্থিতিত অনুষ্ঠানৰ মৰ্যাদাৰ সম্পূৰ্ণ যত্ন লোৱাটো প্ৰয়োজনীয়। সকলো প্ৰস্তুতি সময়মতে সম্পূৰ্ণ কৰাৰ প্ৰয়াস কৰা হৈছে। ইফালে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও প্ৰশাসনিক আৰু আৰক্ষী বিষয়াৰ সৈতে ৰাজ্যিক পৰ্যায়ৰ বৈঠকত এই সন্দৰ্ভত নিজৰ উদ্দেশ্য স্পষ্ট কৰি দিয়ে। বিষয়াসকলক সতৰ্ক কৰি দিওঁতে তেওঁ কৈছে যে দীপোৎসৱ আনন্দৰ অনুষ্ঠান আৰু এই সময়ছোৱাত সাধাৰণ জনতাৰ আৱেগ-অনুভূতিৰ প্ৰতি গুৰুত্ব দিয়াটো আৰক্ষীৰ নৈতিক কৰ্তব্য। ইয়াত যিকোনো ধৰণৰ গাফিলতি ক্ষমাযোগ্য নহয়। যদিও মুখ্যমন্ত্ৰী যোগীৰ এই কথাবোৰ অতি নৰম, তথাপিও ইয়াৰ বাৰ্তাও সমানেই শক্তিশালী।

মন কৰিবলগীয়া যে ২০১৭ চনৰ পৰা প্ৰতি বছৰে দীপোৎসেৱে এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। এইবাৰ ২১ লাখ বন্তিৰে অৱধপুৰী আলোকিত কৰাৰ প্ৰস্তুতি চলোৱা হৈছে। ইয়াৰ বাবে বন্তি, শলিতা, তেল,ঠাই, স্বেচ্ছাসেৱক আদিৰ যথোচিত ব্যৱস্থা কৰা হৈছে।

সনাতন পৰম্পৰাৰ অবিচ্ছেদ্য অংগ দীপোৎসৱ-

সনাতন পৰম্পৰাৰ অবিচ্ছেদ্য অংগ দীপোৎসৱ। এয়া মৰ্যাদা পুৰুষোত্তম ভগৱান শ্ৰী ৰাম, মাতৃ সীতা আৰু ভাতৃ লক্ষ্মণৰ ১৪ বছৰ বনবাসৰ অন্তত অযোধ্যালৈ ঘূৰি অহাৰ এক পবিত্ৰ স্মৃতি। অযোধ্যা দীপোৎসৱত ভগৱান শ্ৰীৰামৰ অযোধ্যালৈ ঘূৰি অহা, ভাৰত মিলাপ, শ্ৰীৰামৰ ৰাজ অভিষেক আদি ঘটনাৰ প্ৰতীকী চিত্ৰণো থাকিব। সৰযু মাতাৰ আৰতিও পৰিবেশন কৰা হ’ব। কেৱল এয়াই নহয়, চাৰিখন দেশ আৰু ২৪খন ৰাজ্যৰ ৰামলীলাৰ মঞ্চায়নে এই মুহূৰ্তটোক উল্লাসময়ী কৰি তুলিব। সমগ্ৰ বিশ্বই এই অনুষ্ঠানৰ ওপৰত নজৰ ৰাখিছে।

আটকধুনীয়াকৈ সজাব অযোধ্যা, কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা –

পোহৰৰ উৎসৱৰ ভৱ্যতা প্ৰত্যক্ষ কৰিবলৈ বৃহৎ সংখ্যক ভক্তই অংশগ্ৰহণ কৰিব। মূল অনুষ্ঠানৰ উপৰিও অযোধ্যা চহৰৰ সকলো ধৰ্মীয় স্থান, মঠ, মন্দিৰৰ সজ্জাও থাকিব। এনে পৰিস্থিতিত কেৱল ভগৱান ভক্তৰেই নহয় বিদেশী পৰ্যটকৰ সমাগম হ’ব। আঞ্চলিক লোকৰ আগমনৰ লগে লগে ইয়াত ভিৰ নিয়ন্ত্ৰণ কৰা আৰু তেওঁলোকক অনুশাসিত কৰি ৰখাটোও এক প্ৰত্যাহ্বানমূলক কাম হ’ব। এই কথা মনত ৰাখি নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ কামো আৰম্ভ হৈছে।

পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা –

লগতে অযোধ্যা জিলাৰ বিভিন্ন স্থানত অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ (লাইভ টেলিকাষ্ট)ৰ ব্যৱস্থা কৰা হ’ব। যাতে অধিক সংখ্যক লোকে পোহৰৰ উৎসৱত জড়িত হৈ পৰিব পাৰে। এই সন্দৰ্ভত ইতিমধ্যে স্থলী নিৰ্বাচন আৰু সম্প্ৰচাৰৰ ব্যৱস্থা চূড়ান্ত কৰা হৈছে। ৰাম কি পেডী আৰু এনেধৰণৰ অন্যান্য স্থানত সম্প্ৰচাৰৰ পৰীক্ষণৰ কাম অবিৰত গতিত চলি আছে। ব্যৱস্থাটোৰ সৈতে জড়িত লোক আৰু কৰ্মীসকলে নিশাও পৰীক্ষা কৰি আছে।

লোকসকলৰ সুৰক্ষিত প্ৰস্থানৰ পৰিকল্পনা-

দীপোৎসৱৰ মূল কাৰ্য্যৰ পিছত নিৰাপদে লোকসকল প্ৰস্থান কৰাৰ ব্যৱস্থা কৰা হৈছে। তেওঁলোকে যাতে সহজে গন্তব্যস্থানত উপনীত হয় তাৰ বাবে প্ৰতিটো স্থানতে পৰিকল্পনাৰ কাম চলি আছে। মহিলা, শিশু আৰু বিদেশী শিল্পীকো নিৰাপদে ঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰা হৈছে। কেৱল এয়াই নহয়, ষ্টেম্পেডৰ পৰিস্থিতি ৰোধ কৰাৰ ব্যৱস্থাও বিচাৰি উলিওৱা হৈছে। এনে পৰিস্থিতিৰ সৃষ্টি হ’লেও ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ পৰ্যাপ্ত আৰক্ষী বাহিনী নিয়োগ কৰাটো নিশ্চিত কৰা হৈছে। মন্দিৰত ভিৰ হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ২৪×৭ আৰক্ষী বাহিনী নিয়োগ কৰাৰ প্ৰস্তুতি চলাই থকা হৈছে।

প্ৰশাসন-আৰক্ষীলৈ নিৰ্দেশনা-

আনন্দ আৰু উৎসাহৰ উৎসৱ দীপোৎসৱত অযোধ্যালৈ ভাৰত আৰু বিদেশৰ পৰা স্থানীয় লোক আৰু পৰ্যটক আহে। এনে পৰিস্থিতিত তেওঁলোকেও কিছু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। প্ৰশাসনিক আৰু আৰক্ষী কৰ্মচাৰীৰ অভদ্ৰ স্বভাৱৰ বাবেও এই অসুবিধাৰ সৃষ্টি হয় যদিও এইবাৰৰ অনুষ্ঠানত ইয়াৰ পৰিসৰ শূন্যলৈ হ্ৰাস কৰাৰ কৌশলৰ কাম চলি আছে। নিৰাপত্তাৰ ব্যৱস্থাৰ সৈতে জড়িত প্ৰশাসনিক আৰু আৰক্ষী বিষয়া আৰু কৰ্মীসকলক জনসাধাৰণৰ আৱেগক সম্পূৰ্ণৰূপে সন্মান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। জনসমাগম নিয়ন্ত্ৰণত নিয়োজিত আৰক্ষী বাহিনীৰ আচৰণ সহজ আৰু সহযোগী কৰি তোলাৰ লগতে সাধাৰণ জনতাৰ চলাচল আৰু আসনৰ সঠিক ব্যৱস্থা কৰাতো গুৰুত্ব আৰোপ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ/ড. আমোদকান্ত/মনোজ/অৰবিন্দ

You Might Also Like

এই পৰ্যন্ত ৫৭১টা অবৈধ মন্দিৰ আঁতৰালে ধামি চৰকাৰে
মধ্য প্ৰদেশঃ আজি জবলপুৰ ভ্ৰমণলৈ কেন্দ্ৰীয় মন্ত্ৰী নড্ডা, বিভিন্ন কাৰ্যসূচীত কৰিব অংশগ্ৰহণ
বৰষুণৰ আগজাননীঃ বতৰ বিজ্ঞান বিভাগে ইংগিত দিছে যে এইবাৰ বাৰিষাৰ বৰষুণ হ’ব; তাৰিখটোও ক’লে
গোলাঘাট দুৰ্ঘটনাঃ প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা মৃতকৰ পৰিয়াললৈ ২ লাখ টকাকৈ সাহাৰ্য ধনৰাশি
স্বামী বিবেকানন্দৰ নিৰ্বাণ দিৱসত বিজেপিৰ শ্ৰদ্ধাঞ্জলি

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article তামুলপুৰৰ নাগ্ৰীজুলিত মৌমাখিৰ জাকৰ আক্ৰমণত এজন ব্যক্তি নিহত
Next Article কোকৰাঝাৰত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?