নতুন দিল্লী, ০৫ নৱেম্বৰ (হি.স.)। বিশিষ্ট স্বাধীনতা সংগ্ৰামী দেশবন্ধু চিত্তৰঞ্জন দাসক দেওবাৰে জন্ম বাৰ্ষিকীত সংবিধান সদনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত স্মৰণ কৰা হয়। এই উপলক্ষে লোকসভাৰ সাধাৰণ সম্পাদক উৎপল কুমাৰ সিং আৰু লোকসভা আৰু ৰাজ্যসভা সচিবালয়ৰ জ্যেষ্ঠ বিষয়াসকলে দেশবন্ধু চিত্তৰঞ্জন দাসৰ প্ৰতিকৃতিত পুস্পাঞ্জলি অৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
লোকসভা সচিবালয়ৰ দ্বাৰা হিন্দী আৰু ইংৰাজী ভাষাত প্ৰকাশিত দেশবন্ধু চিত্তৰঞ্জন দাসৰ জীৱনী সন্নিবিষ্ট এখন পুস্তিকা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিশিষ্ট ব্যক্তিসকলক প্ৰদান কৰা হয়। প্ৰথম ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদে ১৯৫৮ চনৰ ১২ ছেপ্টেম্বৰত সংসদ ভৱনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত দেশবন্ধু চিত্তৰঞ্জন দাসৰ প্ৰতিকৃতি উন্মোচন কৰিছিল।
হিন্দুস্থান সমাচাৰ/অনুপ/মনোজ
