কামৰূপ, ০৫ নৱেম্বৰ (হি স)। কামৰূপৰ হাজোত শনিবাৰে নিশা হাজো আৰক্ষীযে বৃহৎ অভিযান চলায়। এই অভিযানত গাঞ্জা ব্যৱসায়ী আকবৰ আলীক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা হয়।
প্ৰাপ্ত তথ্যমতে, হাজোৰ অখুৰা ৰিজাৰ্ভৰ আকবৰ আলী নামৰ লোকজনৰ বাসগৃহত চলিছিল আৰক্ষীৰ অভিযান।# অভিযানত ২০ কেজি গাঞ্জা উদ্ধাৰ কৰা হয়। জব্দ কৰা গাঞ্জা খিনিৰ বজাৰ মুল্য প্ৰায় ২লাখ টকা হব বুলি কোৱা হৈছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
