নগাঁও, ০৪ নৱেম্বৰ (হি.স.): উন্নয়নৰ নামত নগাঁৱৰ লাওঁখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত একাংশ পঞ্চায়ত সমূহত ভেকোভাওনা চলি থকাৰ অভিযোগ উঠিছে। ক’ৰবাত যদি কৱৰস্থানৰ বাউণ্ডাৰীৰ দেৱালৰ নামত, আন কৰ’বাত শ্মশানৰ নামত বা মাটি পূৰণ আৰু ফেন্সিঙৰ নামত সংঘটিত কৰা হৈছে দুৰ্নীতি।
মন কৰিবলগীয়া যে লাওঁখোৱা পঞ্চায়তস্থিত শ্মশান খনত এমজিএনৰেগাৰ ২০২২–২৩ বিত্তীয় বৰ্ষৰ পুঁজিৰ দ্বাৰা মাটি পূৰণ আৰু ফেন্সিং (Field Development and fencing)ৰ কামৰ নামত আৱণ্টিত হৈছিল ১২,২৯,৯১৮ টকা। কিন্তু দুৰ্ভাগ্যৰ বিষয় এই কাম কেৱল অলপ মান মাটি পেলাই ফলক আৰিয়েই পঞ্চায়তটোত কৰ্মৰত অভিযন্তা ৰত্নেশ্বৰ খাগলাৰীয়ে দায়িত্ব সামৰিলে বুলি অভিযোগ উঠিছে। পঞ্চায়তখনৰ সভাপতি আৰু কৰ্মচাৰীৰ মইমতালি আৰু কামত অমনোযোগিতা থকাৰ বাবেই সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্নীতি। এইফালে পঞ্চায়তটোৰ সচিব আৰু সমন্বয়কৰ সহযোগত দুখীয়াৰ পৰিৱৰ্তে একাংশ ধনী লোকে পাবলৈ সক্ষম হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। এইক্ষেত্ৰত অতি শীঘ্ৰেই উৰ্ধতম কতৃপক্ষক দৃষ্টি নিক্ষেপ কৰিবলৈ সচেতন ৰাইজে দাবী জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
