গোৱালপাৰা, ০৩ নৱেম্বৰ (হি.স.)। মৰনৈ উদ্যোগিক বিকাশ কেন্দ্ৰত ভাৰত পেট্ৰলিয়াম কৰ্পৰেচন লিমিটেড চমুকৈ বি পি চি এলে উদ্যোগ স্থাপনৰ নামত হাজাৰ হাজাৰ অপৈণত শাল গছ কটা আৰম্ভ কৰিছে । পূৰ্বে বনাঞ্চলটো দহিকটা সংৰক্ষিত বনাঞ্চলৰ অংশ আছিল যদিও কিছু বছৰ পূৰ্বে বন বিভাগে ইয়াৰ বৃহৎ ভূমি মৰনৈস্থিত মাটিয়া ঔদ্যোগিক বিকাশ কেন্দ্ৰলৈ হস্তান্তৰ কৰে ।
ফলত সেই ভূমিত মাটিয়া ঔদ্যোগিক বিকাশ কেন্দ্ৰই ভাৰত পেট্ৰলিয়াম কৰ্পৰেচন লিমিটেড চমুকৈ বি পি চি এলক উদ্যোগ স্থাপনৰ অনুমতি দিয়াত কোম্পানীটোৱে এফালৰ পৰা বনাঞ্চল ধ্বংস কৰি গৈছে । সেয়ে বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজে আৰম্ভ কৰিছে প্ৰতিবাদ । বন মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰে।
হাতীৰ অহা যোৱা বাট আৰু হাতী আশ্ৰয় লোৱা ঠাইত গছ কাটি উদ্যোগ স্থাপন কেতিয়াও দিয়া নহব ।গছ কাটিলে হাতী মানুহৰ সংঘাত বৃদ্ধি পাব। কালি এইখন শাল বাগানৰ পৰা হাতী ওলাই গৈ দহিকতা গাঁৱত প্ৰবেশ কৰিছে । আৰক্ষী চি আৰ পি এফ মতায়ন কৰি গছ কাটিব আৰম্ভ কৰিছিল কিন্তু ৰাইজৰ প্ৰতিবাদত বন্ধ কৰিব বাধ্য হল গছ কটা।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.
