দৰং,০৩ নৱেম্বৰ (হি.স.)। বৃহস্পতি বাৰে সন্ধিয়া মঙ্গলদৈ বেজপাৰাত তীব্ৰবেগী আই ১০ গাড়ী সোমাল পানীৰ তলত। মঙ্গলদৈ চহৰৰ পৰা বেজপাৰা অভিমুখে তীব্ৰবেগে গৈ থকা অৱস্থাত গাড়ী খনে নিয়ন্ত্ৰণ হেৰুৱাই সোমাই পৰে পথৰ কাষৰ এটি পুখুৰীত।
দুৰ্ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় স্থানীয় ৰাইজ। গাড়ীৰ ভিতৰৰ পৰা ৰাইজে দুজন যাত্ৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পিছত জেচিবি ৰ সহায়ত পানীৰ তলৰ পৰা গাড়ীখন উদ্ধাৰ কৰে। গাড়ীৰ ভিতৰত থকা যাত্ৰী দুজন সম্পূৰ্ণ সুস্থ অৱস্থাত উদ্ধাৰ কৰা হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.
