
নগাওঁ, ০৩ নৱেম্বৰ (হি.স.)। অসমত শেহতীয়াকৈ ৰাঘৱক বিৰোধীতা কৰাৰ সন্দৰ্ভত বিতৰ্কৰ সূচনা কৰা অভিনেতা ৰাগ ঐনিতমে মূখ্য চৰিত্ৰত অভিনয় কৰিব লগীয়া নতুন অসমীয়া ছবি ঝংকাৰৰ আজি সমাপন হ”ল শুভ মহুৰত। ড৹ জয়ন্তী চুতীয়াৰ কাহিনীৰে নৱতম পূৰ্ণ দৈর্ঘ অসমীয়া ছবি ঝংকাৰক এক মাংগলিক ৰীতি নীতিৰ মাজৰে নগাওঁ জিলাৰ পুৰণিগুদামৰ নিকটৱৰ্তী কঢ়ালীগাঁৱত অনুষ্ঠিত হয় শুভ মুহুৰত।
অসমীয়া ছবি জগতৰ কেইবাজনো বলিষ্ঠ অভিনেতাই অভিনয় কৰিব লগা ছবিখনৰ সংগীত পৰিচালনা কৰিব বিশিষ্ট সংগীতকাৰ সদানন্দ গগৈয়ে।নগাঁৱৰ কঢ়ালিগাঁৱত বৰনামঘৰ প্ৰাঙ্গণত এগছি বন্তি জ্বলাই পৰম্পৰাগতভাৱে কেমেৰাক গামোচা পিন্ধাই ছবিখন আনুষ্ঠানিকভাৱে শুভ মুহুৰত কৰে বিশিষ্ট অভিনেতা দুলাল ৰয়ে। ছবিখনৰ পৰিচালক হেমচন্দ্ৰ বৰাই ছবিখনৰ দৃশ্যগ্ৰহণ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন মনোমোহা ঠাইত কৰা হ”ব বুলি উল্লেখ কৰে। বৰ্তমান দৰ্শকৰ ৰুচিবোধৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ হ”ব লগীয়া ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিব জনপ্ৰিয় অভিনেতা ৰাগ ঐনিতম আৰু অনিন্দিতা ৰূদ্ৰজয়ে। লগতে ছবিখনৰ অন্য চৰিত্ৰ সমূহত অভিনয় কৰিব ছবি জগতৰ বলিষ্ঠ শিল্পী সকল ক্ৰমে দুলাল ৰয়, ৰেবা ফুকন, ভগৱত প্ৰীতম, পৃথ্বীৰাজ ৰাভা, পল ফুকন আদি বহু ন-পুৰণি জনপ্ৰিয় শিল্পীৰ লগতে যুক্তা বৰাকে প্ৰমুখ্যে কৰি বৃহত্তৰ নগাঁও তথা পুৰণিগুদাম অঞ্চলৰ বহুকেইজন নবাগত শিল্পীয়ে।
হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/আলোক.
