মৰিগাঁও, ০৩ নৱেম্বৰ (হি.স.): মৰিগাঁও জিলাৰ লাহৰীঘাটত বৃহস্পতিবাৰে বিয়লি বৃহৎ পৰিমাণৰ গাঞ্জাসহ সৰবৰাহকাৰী এজনক আটক কৰে। ধৃত সৰবৰাহকাৰীটোৰ নাম নুৰ ইছলাম বুলি জানিব পৰা গৈছে।
লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত ঔতলাবড়ী গাঁৱৰ আব্দুল জলিলৰ ঘৰৰ পৰা প্ৰায় ৪০ কেজি গাজা উদ্ধাৰ কৰা হয়। কুখ্যাত গাজা ব্যৱসায়ী আব্দুল জলিল পলাই যাবলৈ সক্ষম হয়। দীৰ্ঘদিন আব্দুল জলিল আৰু নুৰ ইছলামে গাঞ্জা সৰবৰাহ কৰি আহিছে । পলাতক আব্দুল জলিলৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ধন, গাঞ্জা খোৱা সামগ্ৰীৰ লগতে সৰবৰাহ কাৰ্যত ব্যৱহাৰ কৰা এএছ ০১ কিউচি ০৮৭৫ নম্বৰৰ এখন ট্ৰাক জব্দ কৰে। গাঞ্জা সৰবৰাহ কাৰ্যত বহু লোক জৰিত আছে বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
