


–৫ মিনিট ৪৯ ছেকেণ্ডৰ দোকমোকালি (The First Blush) ৰ সাফল্যত উৎফুল্ল তেজপুৰবাসী
শোণিতপুৰ, ০১ নৱেম্বৰ (হি.স.)। তেজপুৰৰ এগৰাকী উদীয়মান নাট্যশিল্পীৰ এখন চুটি ছবিয়ে আন্তঃৰাষ্ট্ৰীয় চিনেমা মহোৎসৱত দুটাকৈ পুৰস্কাৰ কঢ়িয়াই তেজপুৰ তথা জিলাবাসীক গৌৰৱান্বিত কৰি তুলিছে । তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ সদস্য তথা এগৰাকী দক্ষ অভিনেতা তেজপুৰৰ নিকটৱৰ্তী বৰঝাৰ শইকীয়া চুবুৰী নিবাসী তথা তেজপুৰ চাৰিআলিৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ মুখ্য সহায়ক বিপ্লৱ শৰ্মাৰ চুটি ছবি দোকমোকালি (The first Blush) য়ে যোৱা ২৬ অক্টোবৰত কলকাতাত অনুষ্ঠিত চেলুলয়ড কলকাতা ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল ত শ্ৰেষ্ঠ চুটি ছবি শিতানত দশম স্হানৰ লগতে শ্ৰেষ্ঠ ফিচাৰ ফিল্ম শিতানত তৃতীয় স্থান লাভ কৰি তেজপুৰলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত স্বাভাৱিকতে উৎফুল্ল হৈ পৰিছে তেজপুৰ তথা জিলাবাসী ।
উল্লেখ্য যে প্ৰথমবাৰৰ নিৰ্মাণ কৰা অতি নিষ্ঠাবান এইগৰাকী উদীয়মান নাট্যশিল্পী নিৰ্মিত চুটি ছবিখনত তেজপুৰৰ জনপ্ৰিয় অভিনেতা তথা বাণ থিয়েটাৰৰ সাধাৰণ পৰিচালক ভূপেন শৰ্মা, বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য অৰূপজ্যোতি চহৰীয়াৰ লগতে সন্ধানী দত্ত কলিতা, আৰ্টিকল আহমেদ আৰু ৰিয়ান কৌশিক নামৰ শিশু শিল্পী গৰাকীয়ে অভিনয় কৰিছিল। ছবিখনৰ সংগীত আছিল হিমাংশু বৰাৰ, দৃশ্যগ্ৰহণ আৰু সম্পাদনা আছিল চুমন নাথৰ।
এই সন্মান লাভ কৰাৰ পিছত তেজপুৰৰ সকলো শ্ৰেণীৰ ৰাইজৰ মাজত জনপ্ৰিয় বিপ্লৱ শৰ্মাই প্ৰথম প্ৰতিক্ৰিয়া হিচাপে ৫ মিনিট ৪৯ ছেকেণ্ডৰ জীৱনৰ প্ৰথম চুটি ছবিখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দুটাকৈ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত যথেষ্ট সুখ অনুভৱ কৰিছোঁ বুলি মন্তব্য কৰি এই সন্মানে ভৱিষ্যতে ৰুচীশীল ভাৱে আৰু আন কাম কৰি যাবলৈ প্ৰেৰণা দিব বুলি কয়।
হিন্দুস্থান সমাচাৰ/সমীৰ/মনোজ
