গোলাঘাট, ০১ নৱেম্বৰ (হি স)। গোলাঘাট জিলাৰ মৰঙিত বনৰীয়া হাতী আৰু মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিব ধৰিছে ৷ হাতীৰ জাকে দিনে নিশাই ধাননি পথাৰত অৱস্থান কৰা পৰিলক্ষিত হৈছে ৷ গোলাঘাটৰ মৰঙি মৌজাৰ মৰঙি, দৈগ্ৰোং পঞ্চায়তৰ কুৰিখন গাৱঁৰ ৰাইজৰ নিদ্ৰা হৰিছে বন্যহাতীৰ এটা বৃহৎ জাকে ৷
উল্লেখ্য় যে এই গাওঁকেইখনৰ ৰাইজে হাতীৰ বাবে খেতি কৰিবলৈ বাদ দিছে যদিও ঘৰৰ কাষৰ পথাৰ কেইডৰাত খেতি কৰিছিল যদিও সেয়াও হাতীয়ে খাই তচ নচ কৰি বাৰি – ঘৰ ভড়ালত উপদ্ৰৱ চলিছে বন্যহাতীৰ ৷ কাতি মাহৰ গেঁৰধৰা তথা গাখীৰতী ধানৰ গোন্ধই যেন মাতাল কৰি তুলিছে বন্যহাতীৰ জাক কেইটাক ৷ মৰঙিৰ বিশাল পথাৰৰ পৰা হাতীৰ জাকটো ওলাই যোৱাৰ কোনো লক্ষণ দেখা নাই ৷
ইফালে বনবিভাগে খেদাৰ চেষ্টা কৰিছে যদিও ওলোটাই চোঁচা লয় হাতীয়ে ৷ উপায়ন্তৰ ৰাইজে নিজৰ ঘৰ – পৰিয়াল ৰ নিৰাপত্তাৰ বাবে দিনে নিশাই উজাগৰে থাকি পহৰা দিয়াৰ ফলত ৰুগীয়া হৈ পৰিছে অধিকাংশ লোক ৷ এতিয়া প্ৰাকৃতিক দুৰ্যোগ, বানপানী বা গৰাখহনীয়া সমস্যাতকৈয়ো ভয়াবহ হৈ পৰিছে বন্য হাতীৰ সমস্যা ৷ শীঘ্ৰেই চৰকাৰক সমস্যাটো নিৰাময়ৰ ব্যবস্থাৰ বাবে ৰাইজে দাবী জনাইছে ৷
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
