কাঠমাণ্ডু, ০১ নৱেম্বৰ (হি.স.)। পোখাৰাত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ নিৰ্মাণ কৰা চীনা কোম্পানীটোত দুৰ্নীতিৰ অভিযোগত অভিযান চলোৱা হৈছে। অভিযানৰ অন্তত তাত কৰ্মৰত কৰ্মচাৰীসকলৰ বেংক একাউণ্ট ছীল কৰা হৈছে। কোম্পানীটোত ধাৰাবাহিকভাৱে বিত্তীয় অনিয়মৰ লগতে অসমান্য কামৰ প্ৰবল প্ৰমাণ পোৱাৰ পিছতে এই অভিযান চলাইছে।
নেপালৰ দুৰ্নীতিৰ গোচৰৰ তদন্ত কৰা ‘আখতিয়াৰ অপব্যৱহাৰ অনুসন্ধান আয়োগে’ মঙলবাৰে পোখাৰা বিমানবন্দৰৰ কাৰ্যালয়ত অভিযান চলোৱাটো নিশ্চিত কৰিছে। আয়োগৰ মুখপাত্ৰ ভোলা দাহালে জনোৱা মতে, পোখাৰা বিমানবন্দৰ নিৰ্মাণ কৰা চীনা কোম্পানী চিএএমচি ইঞ্জিনিয়াৰিং (CAMC Engineering)ৰ কাৰ্যালয়ত অভিযান চলোৱা হৈছে। কোম্পানীটোত ধাৰাবাহিকভাৱে বিত্তীয় অনিয়মৰ লগতে অমান্য কামৰ প্ৰবল প্ৰমাণ পোৱাৰ পিছতে এই অভিযান চলোৱা বুলিও তেওঁ কয়।
দৰাচলতে পোখাৰা বিমানবন্দৰৰ কাম ক্ষুদ্ৰ ঠিকাদাৰক দিয়াৰ ক্ষেত্ৰত কমিচন বিচৰা আৰু পুৰণি কামৰ ধনৰ পৰিৱৰ্তে কমিচন বিচৰাৰ অভিযোগ ধাৰাবাহিকভাৱে লাভ কৰা হৈছিল। তদন্তৰ সময়ত অপব্যৱহাৰ গৱেষণা আয়োগৰ দলটোৱে নিৰ্মাণৰ মানদণ্ডৰ সৈতে জড়িত ফাইলটোও নিজৰ লগত লৈ গৈছে। ২০২৩ চনৰ ১ জানুৱাৰীত উদ্বোধন হোৱা পোখাৰা বিমানবন্দৰৰ ৰাডাৰ আৰু ভি এইচ এফ ব্যৱস্থাৰ কেইবাটাও সমস্যাৰ বাবে মাজপথৰ পৰাই বিমান ওভতাই দিবলগীয়া হৈছে। একেদৰে বিমানবন্দৰত স্থাপন কৰা আন বহু সঁজুলিৰ বিজুতিৰ অভিযোগো লাভ কৰা হৈছে।
আয়োগৰ মুখপাত্ৰই জনোৱা মতে, অভিযানৰ পিছত কোম্পানীটোত কৰ্মৰত চীনা আৰু নেপালী কৰ্মচাৰীসকলৰ বেংক একাউণ্ট ছীল কৰিবলৈ সংশ্লিষ্ট বেংকসমূহলৈ এখন পত্ৰ প্ৰেৰণ কৰা হৈছে। ইপিচি মডেলত নিৰ্মিত পোখাৰা বিমানবন্দৰ নিৰ্মাণৰ বাবে এই পৰ্যন্ত মুঠ ২৪৪ মিলিয়ন মাৰ্কিন ডলাৰ ব্যয় কৰা হৈছে। ইয়াৰ বাবে নেপাল চৰকাৰে চীনৰ এক্সিম বেংকৰ পৰা ১৩৭.৮৭ কোটি ইউয়ানৰ ঋণ লৈছে। চীনে বহুবাৰ এই বিমানবন্দৰটোক বি আৰ আই প্ৰকল্প বুলি দাবী কৰাৰ বিপৰীতে নেপাল চৰকাৰে এই কথা সদায় অস্বীকাৰ কৰি আহিছে।
প্ৰায় এবছৰ ধৰি পোখাৰা বিমানবন্দৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতো চীনৰ পৰা লোৱা ঋণৰ সুত এতিয়াও নেপালে পৰিশোধ কৰিব পৰা নাই। ইয়াৰ বাবে চীনৰ পৰা নিৰন্তৰ হেঁচা প্ৰয়োগ কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ থকাৰ পিছতো এতিয়ালৈকে নিয়মীয়া আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা চলোৱা হোৱা নাই। এই বিমানবন্দৰ পৰিচালনাৰ দায়িত্ব ল’বলৈ চীনে নেপালক অহৰহ হেঁচা প্ৰয়োগ কৰি আছে।
হিন্দুস্থান সমাচাৰ/পংকজ/মনোজ/অৰবিন্দ
