







তিনিচুকীয়া, ৩১অক্টোবৰ (হি.স.)। সমগ্ৰ দেশৰ লগতে ভাৰতৰ অন্যতম খনিকৰ লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে আজি সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰা হয়।
ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে শদিয়া মহকুমা প্ৰশাসন,আৰক্ষী প্ৰশাসনৰ যুটীয়া উদ্যোগত নগৰ খনৰ কৃষ্টি-সংঘৰ পৰা চপাখোৱা ৰাজহুৱা খেল পথাৰলৈ এক শোভাযাত্ৰাৰ আয়োজন কৰা হয়।
শোভাযাত্ৰাৰ কাৰ্য্যসূচীত মহকুমাটোৰ আৰক্ষী বাহিনী, চি আৰ পি এফৰ জোৱান,এন চি চি , শদিয়া মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী বিভিন্ন বিদ্যালয়ৰ শিক্ষক ছাত্ৰ-ছাত্ৰী সকলে অংশ গ্ৰহণ কৰা কাৰ্য্যসুচী আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰাৰ লগতে ”ৰাষ্ট্ৰীয় একতা দিৱসৰ শপত গ্ৰহণ পাঠ কৰোৱাই শদিয়া জিলাৰ অতিৰিক্ত আয়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি মানস জ্যোতি নাথে। অনুষ্ঠানত শদিয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰুণিমা ভুঞা, উপ-,আৰক্ষী অধীক্ষক মণি মোহন কোচৰ লগতে আৰক্ষী বিভাগৰ বিভিন্ন বিষয়া কৰ্মচাৰী সকলে অংশ গ্ৰহণ কৰে বুলি জিলা প্ৰশাসনে জানিব দিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.
