কামৰূপ, ৩১ অক্টোবৰ (হি.স.)। দক্ষিণ কামৰূপৰ গৰৈমাৰী আৰক্ষীয়ে আজি তীৰ জুৱা খেলাৰ বিৰুদ্ধে এক সফল অভিযান চলায়। তীৰ খেলৰ বিৰুদ্ধে অভিযান চলাই এজন কুখ্যাত তীৰ মাফিয়াক আটক কৰে গৰৈমাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যাদৱ শৰ্মাই।
গৰৈমাৰী আৰক্ষীৰ এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই টুক্ৰাপাৰা গাঁৱৰ তীৰ খেলৰ ব্যৱসায়ী জুলসাচ আলীক আটক কৰে ৷ উল্লেখ্য় যে, বৃহত্তৰ অঞ্চলটোত দীৰ্ঘদিনৰ পৰাই বৃদ্ধি পায় আহিছে মদ জুৱা তীৰ খেলৰ আড্ডা। গৰৈমাৰী আৰক্ষীয়ে দীৰ্ঘদিন ধৰি চলি অহা এই তীৰ খেলৰ ঘাটি উৎখাত কৰিবলৈ চেষ্টা চলাই আহিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ /মনোজ
