– সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত
অমৰাৱতী, ৩০ অক্টোবৰ (হি.স.)। অন্ধ্ৰ প্ৰদেশৰ বিজয়নগৰম জিলাত হাওৰা-চেন্নাই লাইনত দেওবাৰে নিশা দুখন যাত্ৰীবাহী ৰে’লৰ সংঘৰ্ষৰ ফলত সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত আছে। এই দুৰ্ঘটনাত ১৪ জন লোকৰ মৃত্যু হৈছে। তেওঁলোকৰ মৃতদেহসমূহ উদ্ধাৰ কৰা হৈছে। আনহাতে ১১৩ জন আহতক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
দেওবাৰে নিশা বিশাখাপত্তনমৰ পৰা ৰায়গড়ালৈ যোৱা এখন যাত্ৰীবাহী ৰে’ল বিজয়নগৰম জিলাত লাইনচ্যুত হয়। আলামাণ্ডা আৰু কান্তাকপল্লে শাখাৰ মাজত লাইনচ্যুত হয়। বিভাগীয় ৰেলেৱে প্ৰৱন্ধকে কৈছে যে বিশাখাপত্তনম-পলাচা যাত্ৰীবাহী ৰে’ল আৰু বিশাখাপত্তনম-ৰায়গড়া যাত্ৰীবাহী ৰে’লখনৰ মাজত পিছফালৰ মুখামুখি সংঘৰ্ষ হৈছিল। ৰেলেৱে সূত্ৰৰ মতে, কৰ্মচাৰীসকলৰ ভুল’ৰ ফলত এই বিপদ ঘটিছিল। ইফালে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ মতে, মোডীয়ে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে কথা পাতিছে। তেওঁ সকলো সহায়ৰ আশ্বাস দিছিল।
ৰে’লমন্ত্ৰী অশ্বনী বৈষ্ণৱে টুইট যোগে কয় যে দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকসকলক ১০ লাখ টকা, গুৰুতৰভাৱে আহত সকলক ২ লাখ টকা আৰু সামান্য আঘাতপ্ৰাপ্ত লোকসকলক ৫০,০০০ টকা প্ৰদান কৰা হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও আৰ্থিক সাহায্য ঘোষণা কৰিছে। সেই অনুসৰি মৃতকৰ বাবে ২ লাখ টকা আৰু আহতসকলৰ বাবে ৫০,০০০ টকাৰ অনুদান ঘোষণা কৰা হৈছে।
উল্লেখ্য যে ৰায়গড়া যাত্ৰীবাহী ৰে’লখনত প্ৰায় ১৪০০ যাত্ৰী আছিল। ইয়াৰ চাৰিটা বগী ৰে’লপথৰ পৰা লাইনচ্যুত হৈছিল। দুৰ্ঘটনাটোৰ পিছতে গেছ কাটাৰৰ জৰিয়তে বগীৰ পৰা উলিয়াই অনা হয় আহত লোকসকলৰ লগতে মৃতদেহসমূহ। সাহায্য আৰু উদ্ধাৰৰ কাম চলি আছে। আন তিনিটা ডবাত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰা হৈছে। এই পথেৰে যোৱা সকলো ৰে’ল বাতিল কৰা হৈছে।
হিন্দুস্থান সমাচাৰ/নাগৰাজ/মনোজ
