
নগাঁও, ৩০ অক্টোবৰ (হি.স.): নগাঁও জিলাৰ বটদ্ৰবা সমষ্টিৰ অন্তৰ্গত কপাহত্ৰৰা ভকতগাঁও কেওঁট নামঘৰৰ বাষিক প্ৰতিষ্ঠা দিৱস ও অধিৱেশন অনুষ্ঠিত কৰা হয়। প্ৰতিষ্ঠা দিৱস আৰু অধিবেশনৰ লগত সংগতি ৰাখি দেওবাৰে সন্ধিয়া ভকতগাঁও অঞ্চলৰ কণ কণ শিশু সকলৰ দ্বাৰা অভিনীত অংকীয়া ভাওনা অংগদৰ চন্দ্ৰ প্ৰতিষ্ঠঞ্জা নাটকখন মঞ্চায়ন হৈ যায়। নাটকখন শুভ উদ্বোধন কৰে মৰিগাঁও জিলাৰ কেওঁট জাতীয় পৰিষদৰ সম্পাদক বিপ্লৱ শইকীয়াই। তিনি দিনীয়াকৈ আয়োজন কৰা বিভিন্ন কাৰ্যসূচীৰে সমাপ্ত হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
