
–কেওঁটকুছিৰ লক্ষ্মীপূজৰ মন্দৱত অগনন ৰাইজৰ ভিৰ
বৰপেটা, ২৯ অক্টোবৰ (হি.স.): লক্ষ্মীপূৰ্ণিমাৰ দিনা সমগ্ৰ ৰাজ্যতে শনিবাৰে হিন্দু ধৰ্মীয় পৰম্পৰা অনুসৰি উদযাপন কৰা হয় ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰীশ্ৰীমহালক্ষ্মীৰ পূজা ৷ শনিবাৰ সন্ধিয়াৰে পৰা বৰপেটাৰ কেওঁটকুছিত ৭ দিনীয়া কাৰ্যসূচীৰে মহাসমাৰোহেৰে আৰম্ভ হৈছে মহালক্ষ্মী পূজা মহোৎসৱ ৷ এইবেলি ৮৭ বছৰত পদাৰ্পন কৰিছে কেওঁটকুছিৰ মহালক্ষ্মী পূজা মহোৎসৱে ৷
শনিবাৰে সন্ধিয়া ভক্তসকলে খোল তাল বজাই দেৱীৰ প্ৰতিমা আদৰি আনি পূজাৰ বেদীত দেৱীপ্ৰতিমা স্থাপন কৰা হয় ৷ ইয়াৰ পিচতে যথাবিহিত ধৰ্মীয় পৰম্পৰাৰে পূজা অৰ্চনা আৰম্ভ হয় ৷ মহালক্ষ্মী পূজাৰ দ্বাৰ উন্মোচন কৰে বৰপেটা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাসে ৷ মহালক্ষ্মী পূজা উপলক্ষে কেওটকুছিৰ পূজাথলী লোকে লোকাৰণ্য় হৈ পৰে ৷ শনিবাৰৰে পৰা আৰম্ভ হোৱা কেওঁটকুছিৰ মহালক্ষ্মী পূজা মহোৎসৱ উপলক্ষে থিয়নাম, আতচবাজী আদি প্ৰদৰ্শন কৰা হয় ৷ সাতদিনীয়াকৈ অনুষ্ঠিত শ্ৰীমহালক্ষ্মীপূজা মহোৎসৱত ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
