কাঠমাণ্ডু, ২৯ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এণ্টনিঅ’ গুটেৰেছ শনিবাৰে মাজনিশা নেপালত উপস্থিত হয় । চাৰিদিনীয়া ভ্ৰমণসূচীৰে নেপাললৈ অহা গুটেৰেছক কাঠমাণ্ডু বিমানবন্দৰত আদৰণি জনায় বৈদেশিক মন্ত্ৰী এন পি ছাউদে। গুটেৰেছৰ এয়া প্ৰথম নেপাল ভ্ৰমণ।
আজি (দেওবাৰ) ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান গৰাকীয়ে ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেল, প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল প্ৰচণ্ড, উপ-প্ৰধানমন্ত্ৰী তথা প্ৰতিৰক্ষা মন্ত্ৰী পূৰ্ণ বাহাদুৰ খাডকা, উপ-প্ৰধানমন্ত্ৰী তথা গৃহমন্ত্ৰী নাৰায়ণ কাজী শ্ৰেষ্ঠ আৰু বৈদেশিক মন্ত্ৰী সাউদৰ সৈতে সৌজন্যমূলক বৈঠকত মিলিত হোৱাৰ কথা। আজি সন্ধিয়া প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সন্মানত এক নৈশ ভোজৰ আয়োজন কৰিব।
মঙলবাৰে নেপাল সংসদৰ দুয়োটা সদনৰ যৌথ বৈঠকত ভাষণ দিব গুটেৰেছে। ইয়াৰ উপৰিও আমি নামচেৰ এভাৰেষ্ট বেছ কেম্প আৰু পোখাৰাৰ অন্নপূৰ্ণা বেছ কেম্প পৰিদৰ্শন কৰিব। এই দুয়োটা স্থানতে তেওঁ জলবায়ু পৰিৱৰ্তনৰ সৈতে জড়িত কাৰ্যসূচীসমূহৰ বিষয়ে সম্বোধন কৰিব। তেওঁৰ লুম্বিনি ভ্ৰমণৰ পৰিকল্পনাও আছে।
হিন্দুস্থান সমাচাৰ/পংকজ/মনোজ
