নতুন দিল্লী, ২৮ অক্টোবৰ (হি.স.)। শনিবাৰে বাল্মিকী জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্ভাষণ জনায়। তেওঁ কয় যে মহৰ্ষি বাল্মিকীৰ সামাজিক সমতা আৰু সদিচ্ছাৰ চিন্তাধাৰাই এতিয়াও সমাজখনক পথ প্ৰদৰ্শন কৰি আছে। তেওঁৰ বাৰ্তাৰ জৰিয়তে তেওঁ যুগ যুগ ধৰি আমাৰ সভ্যতা আৰু সংস্কৃতিৰ এক অমূল্য ঐতিহ্য হৈ থাকিব।
প্ৰধানমন্ত্ৰীয়ে টুইটাৰত পোষ্ট কৰে, বাল্মিকী জয়ন্তীত দেশবাসীলৈ অশেষ শুভেচ্ছা। সামাজিক সমতা আৰু সদিচ্ছাৰ সৈতে জড়িত তেওঁৰ বহুমূলীয়া চিন্তাধাৰাই ভাৰতীয় সমাজখনক আজিও সিঞ্চিত কৰি আছে। মানৱতাৰ বাৰ্তাৰ জৰিয়তে তেওঁ যুগ যুগ ধৰি আমাৰ সভ্যতা আৰু সংস্কৃতিৰ অমূল্য ঐতিহ্য হৈ থাকিব।
হিন্দুস্থান সমাচাৰ/সুশীল/মনোজ
