কোকৰাঝাৰ, ২৭ অক্টোবৰ (হি.স.): স্তন কৰ্কট ৰোগ সজাগতা মাহৰ লগত সংগতি ৰাখি আজি শুকুৰবাৰে গোসাঁইগাঁৱত কোকৰাঝাৰ কেন্সাৰ কেয়াৰ চেন্টাৰ স্তনৰ কৰ্কট ৰোগ’ৰ ওপৰত এক সজাগতা সভা অনুষ্ঠিত হৈ যায়৷ ছেৰফাংগুৰি জনতা মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত মান নিশ্চিতকৰণ কোষৰ উদ্যোগত তথা গোসাঁইগাঁও বিৰাংগনা স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত গোসাঁইগাঁও কমলনাথ ক্লাৱ কাম লাইব্ৰেৰীৰ সভাকক্ষত আয়োজিত হয় এই সজাগতা সভা।
এই সভাখনত মূখ্য বক্তা হিচাপে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ শল্য বিভাগৰ সহকাৰী প্ৰৱক্তা ডা° ৰিতুপৰ্ণা দাস আৰু কোকৰাঝাৰ কেন্সাৰ কেয়াৰ চেন্টাৰৰ কৰ্কট ৰোগ বিশেষজ্ঞ ডা° ৱাছিম আকটাৰ বেৰী উপস্থিত থাকি স্তন কেঞ্চাৰ এটা গুৰুতৰ ৰোগ যদিও ই দুৰাৰোগ্য নহয় বুলি ব্য়ক্ত কৰে । সময়মতে ধৰা পৰিলে ইয়াৰ চিকিৎসা সম্ভৱ আৰু এই ৰোগৰ লক্ষণ আৰু চিকিৎসা সম্পৰ্কে সমগ্ৰ বিশ্বৰ মানুহক সজাগ কৰাৰ লক্ষ্যৰে প্ৰতি বছৰে অক্টোবৰ মাহটো স্তন কৰ্কট সজাগতা মাহ হিচাপে পালন কৰা হয় বুলি তেওঁ উল্লেখ কৰে ৷ কাৰ্য্যসূচীত জনতা মহাবিদ্যালয়ৰ উপাধ্যক্ষা ড° লিনা শৰ্মা, শিক্ষা বিভাগৰ প্ৰৱক্তা বিভা ৰাণী নাথ চৌধুৰী, গোসাঁইগাঁও বিৰাংগনা স্বেচ্ছাসেৱী সংগঠণৰ সভানেত্ৰী মৃণালিনী ডেকা কলিতা, সম্পাদিকা কবিতা চৌধুৰীৰ প্ৰমূখ্যে কেইবাগৰাকীও বিশিষ্ট অতিথি উপস্থিত থাকে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
