কামৰূপ, ২৭ অক্টোবৰ (হি.স.)। বহু অপেক্ষাৰ অন্তত আজি মুক্তি পালে যতীন বৰা অভিনীত ৰাঘব। ৰঙিয়াৰ ডিলাইট চিনেমা হলত যতীন বৰাৰ ৰাঘব চাবলৈ শ শ অনুৰাগীৰ ভিৰ । প্ৰথম দৰ্শনীত দেখা গৈছে বিভিন্ন প্ৰান্তৰ দৰ্শক ।
প্ৰিয় অভিনেতা জনৰ ছবি চাবলৈ আগ্ৰহী বহু লোক । ৰাঘবক লৈ উৎসাহ-উদ্দীপনা যতীন প্ৰেমীসকলৰ মাজত । ছবি খন উপভোগ কৰি দৰ্শক সকলে কয় যে আগৰ তুলনাত বহু উন্নত হৈছে এইখন ছবি ।আৰু এই ছবি খন সম্পূৰ্ণৰূপে পৰিয়ালৰ লগত চাব পৰা এখন চিনেমা । ইয়াৰ উপৰিও চিনেমা খনৰ শব্দ ,দৃশ্য ,লোকেশ্বন আদি উন্নত মানৰ হোৱা বুলি জনাই দৰ্শক সকলে ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.
