• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ৬জি ৰ ক্ষেত্ৰত ভাৰতে বিশ্বক নেতৃত্ব নিব: প্ৰধানমন্ত্ৰী
National

৬জি ৰ ক্ষেত্ৰত ভাৰতে বিশ্বক নেতৃত্ব নিব: প্ৰধানমন্ত্ৰী

CliQ INDIA
Last updated: October 27, 2023 11:30 pm
CliQ INDIA
Share
3 Min Read
SHARE

নতুন দিল্লী, ২৭ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে কয় যে আমি ভাৰতত ৫জি দ্ৰুতগতিত সম্প্ৰসাৰণ কৰাই নহয়, ৬জিৰ ক্ষেত্ৰতো আগশাৰীৰ দিশত আগবাঢ়িছো।

দিল্লীৰ ভাৰত মণ্ডপমত ইণ্ডিয়া মোবাইল কংগ্ৰেছৰ সপ্তম সংস্কৰণত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে একবিংশ শতিকাৰ দ্ৰুত পৰিৱৰ্তিত পৃথিৱীখনত আয়োজন কৰা এই অনুষ্ঠানটোৱে কোটি কোটি লোকৰ ভৱিষ্যত সলনি কৰাৰ সম্ভাৱনা আছে। এটা সময় আছিল যেতিয়া আমি ভৱিষ্যতৰ কথা কৈছিলো, তাৰ অৰ্থ আছিল পৰৱৰ্তী দশক, ২০-৩০ বছৰ বা আনকি পৰৱৰ্তী শতিকা। আজি প্ৰতিদিনে প্ৰযুক্তিৰ দ্ৰুত পৰিৱৰ্তনৰ বাবে আমি কওঁ যে ভৱিষ্যত ইয়াত আৰু এতিয়া।

সভাস্থলীত প্ৰদৰ্শনীত স্থাপন কৰা ষ্টলসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰদৰ্শনীত মই সেই ভৱিষ্যতৰ আভাস দেখিলোঁ। টেলিকম, প্ৰযুক্তি, সংযোগ, ৬জি, এআই, চাইবাৰ নিৰাপত্তা, অৰ্ধপৰিবাহী, ড্ৰোন বা মহাকাশ খণ্ডই হওক বা অন্যান্য খণ্ডই হওক, আগন্তুক সময় সম্পূৰ্ণ বেলেগ হ’ব।

তেওঁ কয় যে আমাৰ যুৱ প্ৰজন্মই দেশৰ ভৱিষ্যতৰ নেতৃত্ব দিয়া, আমাৰ টেক বিপ্লৱৰ নেতৃত্ব দিয়াটো আমাৰ সকলোৰে বাবে সুখৰ বিষয়। যোৱা বছৰ আমি ইয়াত ৫জি ৰোলআউটৰ বাবে গোট খাইছিলো। সেই ঐতিহাসিক ঘটনাৰ পিছত সমগ্ৰ বিশ্বই বিস্মিত দৃষ্টিৰে ভাৰতলৈ চাই আছিল। কাৰণ ভাৰতত আছিল বিশ্বৰ আটাইতকৈ দ্ৰুততম ৫জি ৰোলআউট। সেই সফলতাৰ পিছতো আমি ৰৈ যোৱা নাছিলো। আমি ভাৰতৰ প্ৰতিজন নাগৰিকলৈ ৫জি উপলদ্ধ কৰোৱাৰ কাম আৰম্ভ কৰিলোঁ। অৰ্থাৎ আমি ৰোলআউট স্তৰৰ পৰা ৰিচ আউট স্তৰলৈ আগবাঢ়িলোঁ।

মোদীয়ে কয় যে ৫জি আৰম্ভ হোৱাৰ এবছৰৰ ভিতৰত ভাৰতত প্ৰায় ৪ লাখ ৫জি বেছ ষ্টেচন নিৰ্মাণ কৰা হৈছে। এইবোৰে দেশৰ ৯৭ শতাংশ চহৰ আৰু ৮০ শতাংশতকৈ অধিক জনসংখ্যাক সামৰি লৈছে। আমি ভাৰতত ৫জিৰ দ্ৰুত সম্প্ৰসাৰণ কৰাই নহয়, ৬জিৰ ক্ষেত্ৰতো আগশাৰীৰ দিশত আগবাঢ়িছো।

তেওঁ কয় যে ভাৰতৰ উন্নয়নৰ সুফল প্ৰতিটো শ্ৰেণী, প্ৰতিটো অঞ্চললৈ যাব লাগে, ভাৰতৰ সম্পদৰ পৰা সকলোৱে উপকৃত হ’ব লাগে, সকলোৰে মৰ্যাদাপূৰ্ণ জীৱন থাকিব লাগে আৰু প্ৰযুক্তিৰ সুফল সকলোৰে মাজলৈ যাব লাগে, আমি এই দিশত দ্ৰুতগতিত কাম কৰি আছো। মোৰ বাবে এইটোৱেই আটাইতকৈ ডাঙৰ সামাজিক ন্যায়। পুঁজিৰ সুবিধা, সম্পদৰ সুবিধা আৰু নাগৰিকৰ বাবে প্ৰযুক্তিৰ সুবিধা আমাৰ চৰকাৰৰ বাবে অগ্ৰাধিকাৰ।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত নেট প্ৰকল্পই এতিয়ালৈকে প্ৰায় ২ লাখ গ্ৰাম পঞ্চায়তক ব্ৰডবেণ্ড সংযোগেৰে সংযোগ কৰিছে। এইটোৱেই আমাৰ অটল টিকাৰিং লেবৰ আঁৰৰ ধাৰণা। ১০ হাজাৰ লেবৰ জৰিয়তে আমি প্ৰায় ৭৫ লাখ শিশুক আগশাৰীৰ প্ৰযুক্তিৰে সংযোগ কৰিবলৈ সক্ষম হৈছো। তেওঁ কয় যে যোৱা কেইবছৰমানৰ পৰা আমাৰ ষ্টাৰ্টআপ ইক’চিষ্টেমেও ভাৰতৰ গুৰুত্বপূৰ্ণ সফলতাৰ কাহিনীৰ ভিতৰত গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। অতি কম সময়ৰ ভিতৰতে আমি ইউনিকৰ্ণৰ শতিকা অৰ্জন কৰিছো আৰু বিশ্বৰ শীৰ্ষ ৩টা ষ্টাৰ্টআপ পৰিৱেশ তন্ত্ৰৰ ভিতৰত অন্যতম হৈ পৰিছো। ২০১৪ চনৰ আগতে ভাৰতত মাত্ৰ কেইশমান ষ্টাৰ্টআপ আছিল। এতিয়া এই সংখ্যা প্ৰায় ১ লাখ হৈছেগৈ।

তেওঁ কয় যে ভাৰতৰ অৰ্ধপৰিবাহী মিছনে কেৱল ঘৰুৱা চাহিদাই নহয়, বিশ্বৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে এই অভিযানত আগবাঢ়িছে।

হিন্দুস্থান সমাচাৰ/সুশীল/মনোজ

You Might Also Like

ডিএমডিকেৰ মুৰব্বী বিজয়কান্তৰ দেহাৱসান, কৰোনাৰ প্ৰতিবেদন ওলাইছিল পজিটিভ
সমগ্ৰ দেশতে বাৰিষা সক্ৰিয়, কৰ্ণাটক, গুজৰাট, হাৰিয়ানা, দিল্লীকে ধৰি বহু ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা
যেতিয়া অটল জীয়ে অসুস্থতাৰ মাজতো উন্মোচন কৰিছিল ‘ৰাষ্ট্ৰধৰ্ম’
ইছৰো আন এক মাইলৰ খুঁটিৰ পথত, আজি সন্ধিয়া যোগাযোগ উপগ্ৰহ চিএমএছ-০৩ উৎক্ষেপণৰ প্ৰস্তুতি সম্পূৰ্ণ
মঙলবাৰে ৰাজস্থান ভ্ৰমণলৈ আৰ এছ এছৰ মুৰব্বী ডা০ মোহন ভাগৱত

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article মহিলা এছিয়ান হকী চেম্পিয়নছ ট্ৰফীঃ জাপানৰ হাতত ৩-০ গ'লত পৰাজিত মালয়েছিয়া
Next Article মুক্তি পালে যতীন বৰা অভিনীত ৰাঘৱ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?