বেইজিং, ২৭ অক্টোবৰ (হি.স.)। চীনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী লি কেকিয়াঙৰ ৬৮ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। সংস্কাৰ মনৰ আমোলা লিক এসময়ত চীনৰ ভৱিষ্যত ৰাষ্ট্ৰপতি হিচাপে দেখা গৈছিল। এই তথ্য সংবাদ মাধ্যমৰ বাতৰিত দিয়া হৈছে।
বৃহস্পতিবাৰে হৃদৰোগত আক্ৰান্ত হোৱা লিয়ে শুকুৰবাৰে পুৱা চাংহাইত শেষ নিশ্বাস ত্যাগ কৰে। প্ৰধানমন্ত্ৰী হিচাপে লীয়ে আন প্ৰধানমন্ত্ৰীসকলৰ তুলনাত আধুনিক ভাবমূৰ্তি গঢ়ি তুলিছিল।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
