অযোধ্যা, ২৬ অক্টোবৰ (হি.স.)। চলচ্চিত্ৰ অভিনেত্ৰী কংগনা ৰানাৱটে তেওঁৰ ছবি তেজস মুক্তিৰ এদিন পূৰ্বে অযোধ্যাত শ্ৰী ৰাম লালাৰ পূজা অৰ্চনা কৰে। লগতে শ্ৰী ৰাম লালাৰ ওচৰত তেওঁৰ ছবিখনৰ সফলতাৰ কামনা কৰে।
লক্ষ্ণৌৰ পৰা গাড়ীৰে অযোধ্যাত উপস্থিত হোৱা কংগনা ৰানাৱটে দৰ্শন আৰু পূজাৰ অন্তত সাংবাদিকৰ আগত কয় যে শ্ৰী ৰাম জন্মভূমিৰ মন্দিৰ হিন্দুসকলৰ বাবে সৰ্ববৃহৎ তীৰ্থস্থান হ’ব। তেওঁ কয় যে খ্ৰীষ্টানসকলৰ বাবে ভেটিকান চহৰৰ গুৰুত্ব থকাৰ দৰেই শ্ৰী ৰাম জন্মভূমি মন্দিৰ হিন্দুসকলৰ বাবে সৰ্ববৃহৎ পবিত্ৰ তীৰ্থস্থান হ’ব। কংগনাই ৰামলালাৰ দৰ্শনৰ ছবি ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স আৰু ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে।
কংগনাই কয় যে অযোধ্যাত ভগৱান ৰামৰ এক ঐশ্বৰিক মন্দিৰ নিৰ্মাণ কৰা হৈছে। এয়া আমাৰ বাবে গৌৰৱ আৰু আনন্দৰ বিষয়। আজি ইয়াত দৰ্শন আৰু পূজা কৰি ধন্য অনুভৱ কৰিলোঁ। মই শ্ৰী হৰি বিষ্ণুৰ কৃপাপাত্ৰ, মই তেওঁৰ ভক্ত আৰু আজি তেওঁৰ দ্বাৰা ইমানেই আশীৰ্বাদ পাইছো যে শ্ৰী হৰি বিষ্ণু অৱতাৰ মৰ্যাদা পুৰুষোত্তম শ্ৰী ৰামৰ জন্মস্থান ভ্ৰমণ কৰাৰ সৌভাগ্য লাভ কৰিলোঁ।
ছবিৰ অভিনেত্ৰীগৰাকীয়ে কয় যে তেজস ছবিখনত এই মন্দিৰৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। শুকুৰবাৰে মুক্তি পাব এই ছবিখন। এই ছবিখনত ৰানাৱটে ভাৰতীয় বায়ুসেনাৰ পাইলটৰ চৰিত্ৰত অভিনয় কৰিছে। ভাৰতীয় বায়ুসেনাৰ আধাৰত নিৰ্মিত এই ছবিখন মুক্তিৰ পূৰ্বে আশীৰ্বাদ বিচাৰি ইয়াত উপস্থিত হয়।
হিন্দুস্থান সমাচাৰ/পৱন/মনোজ/অৰবিন্দ
