নতুন দিল্লী, ২৬ অক্টোবৰ (হি.স.)। পঞ্জাৱ নেশ্যনেল বেংকে চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিক (জুলাই-ছেপ্টেম্বৰ)ৰ ফলাফল ঘোষণা কৰিছে। জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকত বেংকটোৰ লাভ চাৰিগুণ বৃদ্ধি পাই ১৭৫৬.১৩ কোটি টকা হৈছে। যোৱা বিত্তীয় বৰ্ষৰ একেটা ত্ৰৈমাসিকত ইয়াৰ নিকা লাভ আছিল ৪১১.২৭ কোটি টকা।
ৰাজহুৱা খণ্ডৰ বেংক পিএনবিয়ে বৃহস্পতিবাৰে শ্বেয়াৰ বজাৰত জনোৱা মতে, জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকত তেওঁলোকৰ লাভ চাৰিগুণ বৃদ্ধি পাই ১৭৫৬.১৩ কোটি টকা হৈছে। এই সময়ছোৱাত বেংকৰ সুতৰ আয় ৩১ শতাংশ বৃদ্ধি পাই ২৬,৩৫৫ কোটি টকা হোৱাৰ বিপৰীতে যোৱা বিত্তীয় বৰ্ষৰ একেটা ত্ৰৈমাসিকত ২০,১৫৪ কোটি টকা আছিল। বেংকটোৰ মতে, সুতৰ আয় বৃদ্ধি আৰু আবদ্ধ ঋণৰ ব্যৱস্থাৰ প্ৰয়োজনীয়তা হ্ৰাস পোৱাৰ বাবে ইয়াৰ লাভ বৃদ্ধি পাইছে।
পিএনবিৰ তথ্য অনুসৰি এই ত্ৰৈমাসিকত ভূৱা ঋণৰ বিত্তীয় ব্যৱস্থাও ৩৪৪৪ কোটি টকালৈ হ্ৰাস পাইছে। বিগত বিত্তীয় বৰ্ষৰ একে সময়ছোৱাত এই পৰিমাণ ৪,৯০৬ কোটি টকা আছিল। ইয়াৰ উপৰিও বেংকৰ মুঠ ঋণৰ মুঠ নন-পাৰফৰ্মিং এচেট (এনপিএ)ৰ অনুপাত ৬.৯৬ শতাংশলৈ হ্ৰাস পাইছে, আনহাতে এবছৰৰ পূৰ্বে ১০.৪৮ শতাংশ আছিল।
হিন্দুস্থান সমাচাৰ/প্ৰজেশ/মনোজ
