নতুন দিল্লী, ২৬ অক্টোবৰ (হি.স.)। ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধৰ মাজতে টাটা গ্ৰুপ নেতৃত্বাধীন এয়াৰ ইণ্ডিয়াই ২ নৱেম্বৰলৈকে টেল আভিভলৈ নিৰ্ধাৰিত সকলো বিমান সেৱা বন্ধ কৰি দিছে।
এয়াৰ ইণ্ডিয়াৰ এজন বিষয়াই এক বিবৃতিত কয় যে টেল আভিভলৈ নিৰ্ধাৰিত সকলো বিমান ২ নৱেম্বৰলৈকে বন্ধ কৰি দিয়া হৈছে। যোৱা ৭ অক্টোবৰৰ পৰা এয়াৰ ইণ্ডিয়াই টেল আভিভলৈ অহা-যোৱা কৰা কোনো নিৰ্ধাৰিত বিমান চলাচল কৰা নাই। অৱশ্যে এই মাহত ইজৰাইলৰ পৰা ভাৰতীয়ক ঘূৰাই অনাৰ বাবে চৰকাৰৰ অপাৰেচন অজয়ৰ অধীনত কিছু চাৰ্টাৰ্ড বিমান চলাচল কৰা হৈছে।
এয়াৰ ইণ্ডিয়া এয়াৰলাইন্সে সাধাৰণতে ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীৰ পৰা টেল আভিভলৈ সাপ্তাহিকভাৱে পাঁচখন বিমান চলায়। এয়াৰ ইণ্ডিয়াৰ এই সেৱা সোমবাৰ, মঙলবাৰ, বৃহস্পতিবাৰ, শনিবাৰ আৰু দেওবাৰে পৰিচালিত হয়।
হিন্দুস্থান সমাচাৰ/প্ৰজেশ/মনোজ
