আইজল, ২৬ অক্টোবৰ (হি.স.)। আগন্তুক নৱেম্বৰ মাহত উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰামকে ধৰি ৫খন ৰাজ্যৰ বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ বাবে প্রার্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰাকে ধৰি শপতনামা দি ধন-সম্পত্তিকে ধৰি ব্যক্তিগত তথ্য নির্বাচনী আয়োগক অৱগত কৰিছে। এই শপতনামাত প্রার্থীৰ শিক্ষাগত অৰ্হতা, সম্পত্তিৰ পৰিমাণ, বিবাহ সংক্রান্ত তথ্য, আয়কৰৰ হিচাব আদি একাধিক বিষয় সন্নিবিষ্ট হৈছে। নিয়ম অনুসৰি মিজোৰামৰ প্রার্থীসকলেও মনোনয়নৰ সৈতে নির্বাচনী শপতনামা জমা কৰিছে। এই শপত নামাত দেখা গৈছে যে ১৭৩ জন প্রার্থীৰ ভিতৰত ১১২ জন কোটিপতি। মুঠ কোটিপতি প্ৰাৰ্থীৰ সংখ্যা হৈছে ৬৪.৪ শতাংশ ।
শপতনামা অনুসৰি আম আদমি পার্টি (আপ)ৰ ৰাজ্যিক সভাপতি এন্দ্ৰিউ লালৰেমকিমা পাচুয়া হৈছে মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত সবাতোকৈ ধনী। বর্তমান তেওঁ ৬৯ কোটি টকাৰ মালিক । তেওঁ আইজল উত্তৰ-৩ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে।
ইয়াৰ সমান্তৰালকৈ ৫৫.৬ কোটি টকাৰ সম্পত্তিৰে কংগ্রেছৰ আৰ ভ্যানলাল্টলুয়াঙ্গা(চেৰছিপ আসন) দ্বিতীয় স্থানত তথা জোৰাম পিপলছ মুভমেন্ট (জেডপিএম)ৰ এইচ জিনজালালা (চামফাই উত্তৰ) ৩৬.৯ কোটি টকাৰ ঘোষিত সম্পদেৰে তৃতীয় স্থানত আছে। শপতনামা অনুসৰি তেওঁলোকৰ আয়ৰ উৎস হৈছে ব্যৱসায়। চেৰছিপ আসনৰ নিৰ্দলীয় প্রার্থী ৰামহলুন-এদেনা হৈছে এই তালিকাৰ সবাতোকৈ কম সম্পত্তিৰ প্ৰাৰ্থী। সম্পতি তেওঁৰ মাত্র ১৫০০ টকাৰ অস্থাবৰ সম্পদ আছে।
উল্লেখ্য, ২০১৮ সালে বিধানসভা নির্বাচনে, মিজো নেচনেল ফ্ৰন্ট (এমএনএফ) মনোনীত প্রার্থী লালৰিনেঙ্গা সাইলো (হাচেক) ১০০ কোটি টকাৰ ঘোষিত সম্পত্তিৰে সকলোতকৈ ধনী প্ৰাৰ্থী আছিল। এইবাৰ তেওঁৰ সম্পত্তি উল্লেখযোগ্যভাবে কমিছে। এইবাৰ সাইলোৰ সম্পত্তি ২৬.২৪ কোটি টকালৈ হ্ৰাস পাইছে। আনহাতে এই দিশত মহিলা প্রার্থীসকলো কোনো ৰূপে পিছ পৰি থকা নাই। নিৰ্বাচনত অৱতীৰ্ণ হোৱা ১৬ গৰাকী মহিলা প্ৰাৰ্থীৰ ভিতৰত কংগ্ৰেছ প্ৰাৰ্থী মৰিয়ম এল হৰংচল (লুংলেই দক্ষিণ) হৈছে ১৮.৬৩ কোটি টকাৰ সম্পত্তিৰ সৈতে আটাইতকৈ ধনী।
ইফালে টুইচাং আসনৰ পৰা দ্বিতীয় বাৰলৈ প্ৰতিদ্বন্দ্বিতা কৰা উপ মুখ্যমন্ত্ৰী তাৱানলুয়া হৈছে আটাইতকৈ বৰ্ষীয়ান প্ৰাৰ্থী। তেওঁৰ বয়স হৈছে ৮০ বছৰ। আনহাতে মহিলা প্ৰাৰ্থী লালৰুয়াটফেলি হলাৱন্দো আৰু বিজেপি প্ৰাৰ্থী এফ ভানমিংথাংগা হৈছে আটাইতকৈ কম বয়সীয়া প্ৰাৰ্থী। তেওঁলোকৰ বয়স হৈছে মাত্ৰ ৩১ বছৰ।
উল্লেখ্য যে অহা ৭ নৱেম্বৰত চল্লিশজনীয়া মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। আনহাতে ৩ ডিচেম্বৰত ভোটগণনা কৰা হ’ব।
হিন্দুস্থান সমাচাৰ/মনোজ/অৰবিন্দ
