দক্ষিণ শালমাৰা মানকাচৰ, ২৬ অক্টোবৰ (হি.স.): হাটশিঙিমাৰীত আজি অনুষ্ঠিত হয় আৰক্ষীৰ মাৰাথন দৌৰ প্ৰতিযোগিতা। আৰক্ষী পতাকা দিৱস উপলক্ষে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আৰক্ষী প্ৰশাসনৰ মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।
হাটশিঙিমাৰী আৰক্ষী ছাউনীৰ পৰা বৰাইৰ আলগা বিএছএফ কেম্পলৈকে প্ৰায় ৫ কিঃমিঃ দূৰত্বৰ দৌৰ প্ৰতিযোগিতা হয়। উক্ত মাৰাথন দৌৰ প্ৰতিযোগিতাত আৰক্ষীৰ জোৱান সকলৰ লগতে জিলাখনৰ স্থানীয় যুৱক সকেলেও অংশগ্ৰহন কৰা পৰিলক্ষিত হৈছে। মুঠ ১০৫ জনকৈ প্ৰতিযোগিৰ ভিতৰত স্থানীয় যুৱকৰ ফালৰ পৰাই প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়। আজি আৰক্ষী পতাকা দিৱস উপলক্ষে অনুষ্ঠিত হোৱা দৌৰ প্ৰতিযোগিতাত জিলাখনৰ জিলা আয়ুক্তৰ উপস্থিতিত আৰাম্ভ কৰা হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
