–হামাছৰ প্ৰস্তাৱ-ইজৰাইলে আক্ৰমণ বন্ধ কৰিলে এৰিব পণবন্দীসকলক
পেলেষ্টাইনৰ বিষয়াসকলে কয় যে যুদ্ধৰ ১৯ দিনত এতিয়ালৈকে হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে। ইফালে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে যোৱা ২৪ ঘণ্টাত ৪০০ৰো অধিক লক্ষ্যত আক্ৰমণ কৰা বুলি প্ৰকাশ কৰিছে। ইয়াৰ এদিন আগতে তেওঁলোকে ৩২০ টাতকৈও অধিক ঘাটি ধ্বংস কৰিছিল। শেহতীয়া সময়ত গাজাত এইটোৱেই হৈছে আটাইতকৈ তীব্ৰ বিমান আক্ৰমণ। হামাছৰ নিয়ন্ত্ৰিত গাজা স্বাস্থ্য মন্ত্ৰালয়ে কয় যে যুদ্ধত এদিনতে এইটোৱেই সৰ্বাধিক মৃত্যুৰ ৰেকৰ্ড। ইজৰাইলে কেইবা ডজনো আক্ৰমণ সংঘটিত কৰিছে। ঘৰৰ বাহিৰেও তেওঁলোকে এটা শৰণাৰ্থী শিবিৰক লক্ষ্য কৰি লৈছে। এই আক্ৰমণত কমেও ৭০৪ জন লোক নিহত হয়।
ইফালে গাজাৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘই। যোৱা ৭ অক্টোবৰত ইজৰাইলৰ বিৰুদ্ধে হামাছে চলোৱা আক্ৰমণত ১৪০০ লোক নিহত হোৱা বুলি ৰাষ্ট্ৰসংঘৰ মহাসচিবে প্ৰকাশ কৰিছে। এইটো এটা ভয়ংকৰ আক্ৰমণ আছিল যদিও ইয়াৰ বাবে গাজাপট্টীৰ নাগৰিকসকলৰ ওপৰত সামূহিক শাস্তি প্ৰদান কৰাটো অন্যায়। ইফালে আইডিএফে প্ৰকাশ কৰিছে হামাছৰ এটা অডিঅ’। ইয়াত ইহুদীসকলৰ হত্যাৰ দাবী কৰিবলৈ এটা পৰিয়ালক উচটনি দিয়া হৈছে। কিছুমান বাতৰিত কোৱা হৈছে যে ইজৰাইলৰ ওপৰত কূটনৈতিক হেঁচা বৃদ্ধি পোৱাত স্থল আক্ৰমণত বিলম্ব ঘটিছে। কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে স্পষ্ট কৰি দিছে যে ইজৰাইলে এই কথা নিজাববীয়াকৈ সিদ্ধান্ত ল’ব পাৰে। ইজৰাইলৰ বাহিনীয়ে জেনিনত সৈনিকক আক্ৰমণ কৰা শতাধিক সশস্ত্ৰ সন্ত্ৰাসবাদীক বিমান আক্ৰমণেৰে হত্যা কৰাৰ কথা প্ৰকাশ কৰিছে আইডিএফে। বাতৰিত দাবী কৰা হৈছে যে ইজৰাইলৰ আক্ৰমণত হামাছ আতংকিত হৈ পৰিছে। হামাছৰ বিশিষ্ট নেতা খালেদ মেছালে মঙলবাৰে কয় যে যদি ইজৰাইলে গাজাপট্টীত সন্ত্ৰাসবাদী সংগঠনটোৰ সৈতে জড়িত লক্ষ্যত আক্ৰমণ বন্ধ কৰে তেন্তে ৭ অক্টোবৰত পণবন্দী হৈ থকা সকলো সাধাৰণ নাগৰিকক হামাছে মুক্ত কৰিব।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
