
কোকৰাঝাৰ, ২৫ অক্টোবৰ (হি.স.): সামৰণি পৰিল শাৰদীয় দুৰ্গোৎসৱ। কোকৰাঝাৰ জিলাৰ লগতে ফকিৰাগ্রাম, শক্তিআশ্রম, চিথিলা, দোতমা, প্রতাপখাত আৰু গোসাইগাঁৱত বিজয়া দশমীৰ দিনা মঙলবাৰে সন্ধিয়া আনন্দ উল্লাহেৰে বিদায় দিয়া হয় দেৱী দুৰ্গাক। সমগ্ৰ ৰাজ্যৰ লগতে কোকৰাঝাৰ জিলাতো বিজয়া দশমীৰ আনন্দ উল্লাস পৰিলক্ষিত হয় ৷
কোকৰাঝাৰ চহৰৰ উপৰি ফকিৰাগ্রাম, শক্তিআশ্রম , চিথিলা আৰু গোসাইগাঁৱতো বিজয়া দশমীৰ দিনা জনতাৰ সোঁতত বাট পথ নোপোৱা অৱস্থাৰ সৃষ্টি হয় ৷ লোকে লোকাৰণ্য হৈ পৰে কোকৰাঝাৰৰ গৌৰাং নৈ পাৰ, ফকিৰাগ্রাম আৰু শক্তিআশ্রমৰ হেল নদীৰ, চিথিলাৰ লস্কা নদীৰ বিসৰ্জন স্থলী ৷ পোন প্ৰথমে কোকৰাঝাৰৰ ভিতৰতে আটাইতকৈ পুৰণি দেৱী দূর্গাৰ পূজা আয়োজক সমিতি কোকৰাঝাৰ মূখ্য বজাৰ সাৰ্বজনীন দুৰ্গাবাৰীৰ প্ৰতিমা খন বিসৰ্জন দিয়া হয় আৰু ফকিৰাগ্রামত পুৰণিবজাৰ দূর্গা পূজা সমিতিয়ে প্রথমে প্ৰতিমা বিসৰ্জন দিয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
