-নাগপুৰত সংঘৰ বিজয়দশমী আৰু অস্ত্ৰ পূজা অনুষ্ঠান
-‘টুলকিট গেং’ৰ পৰা সাৱধান হওক, মিছা অপপ্ৰচাৰৰ বলি নহ’ব
নাগপুৰ, ২৪ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা০ মোহন ভাগৱতে কয় যে কিছুদিনৰ পৰা দেশত ঘৃণা সৃষ্টিৰ প্ৰচেষ্টা চলি আছে। এই শক্তিসমূহে মানুহক উচটনি দিয়া আৰু হিংসা বিয়পোৱাৰ বাবে কুণ্ঠাবোধ নকৰে, যাৰ বাবে সৰু সৰু কাণ্ডবোৰ অতিৰঞ্জিত কৰি বৃহৎ পৰিসৰত সম্প্ৰচাৰ কৰা হয়। এটা টুলকিট গেং দেশ-বিদেশত হিংসাৰ উচটনি দিয়াত সক্ৰিয় হৈ আছে। সৰসংঘচালকে সকলোকে আহ্বান জনাই কয় যে এইবোৰ কথা সময়ত স্বীকৃতি দিব লাগে আৰু এই অপপ্ৰচাৰৰ মাৰাত্মক ফান্দৰ পৰা নিজকে মুক্ত কৰিব লাগে।
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ৯৮ সংখ্যক প্ৰতিষ্ঠা দিৱসত নাগপুৰৰ ঐতিহাসিক ৰেশিম বাগ খেলপথাৰত পৰম্পৰাগতভাৱে আয়োজন কৰা বিজয়দশমী কাৰ্যসূচীত স্বেচ্ছাসেৱকসকলক সম্বোধন কৰি সংঘৰ মুৰব্বীগৰাকীয়ে কয়, ‘সমাজখন বিভাজিত কৰি বিচ্ছিন্নতা বৃদ্ধি তথা নিজৰ মাজত সংঘাতৰ বাবেও শক্তিশালী প্ৰচেষ্টা চলাই থকা হৈছে । যদিও এই লোকসকলে নিজকে সাংস্কৃতিক মাৰ্ক্সবাদী বুলি কয়, তথাপিও ১৯২০ চনৰ পৰাই মাৰ্ক্সক পাহৰি গৈছিল। এইসকল সকলো লৌকিক ব্যৱস্থা, মংগল, ৰীতি-নীতি আৰু সংযমৰ বিৰোধী। দেশত নিজৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰাৰ উদ্দেশ্যে এনে অবাঞ্চিত শক্তিৰ সৈতে সহযোগিতা কৰাটো অবিবেচক। সমাজৰ ঐক্যৰ বাবে আমি ৰাজনীতিৰ বাহিৰলৈ চিন্তা কৰিব লাগিব বুলি জোৰ দি কয় সৰসংঘচালকগৰাকীয়ে।
কোনে উচটনি দিলে মণিপুৰ হিংসা..?
মণিপুৰৰ জাতিগত হিংসাক লৈ উদ্বেগ প্ৰকাশ কৰি ডা০ মোহন ভাগৱতে বহু প্ৰশ্নৰ উত্থাপন কৰে। তেওঁ কয় যে বিগত দশক ধৰি শান্তিপূৰ্ণ মণিপুৰত হঠাতে এই সংঘাত কেনেকৈ উদ্ভৱ হ’ল? হিংসা সংঘটিত কৰাসকলৰ ভিতৰত সীমাৰ সিপাৰৰ উগ্ৰপন্থীও আছিল নেকি? নিজৰ অস্তিত্বৰ ভৱিষ্যতক লৈ ভয় খোৱা মণিপুৰীৰ মেইটেই সম্প্ৰদায় আৰু কুকি সম্প্ৰদায়ৰ এই পাৰস্পৰিক সংঘাতক কিয় আৰু কোনে জাতিগত বা ধৰ্মীয় ৰূপ দিবলৈ চেষ্টা কৰিছিল আৰু ইয়াৰ লগত বাহ্যিক শক্তি জড়িত আছিল? এই প্ৰশ্ন উত্থাপন কৰি ডা০ ভাগৱতে কয় যে এই দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সমাধানৰ বাবে বহুমুখী প্ৰচেষ্টাৰ প্ৰয়োজন। ৰাজনৈতিক ইচ্ছাশক্তি, সংশ্লিষ্ট সক্ৰিয়তা আৰু দক্ষতা সময়ৰ প্ৰয়োজনীয়তা হ’লেও সমাজৰ বিদ্বান নেতৃত্বইও পাৰস্পৰিক অনাস্থাৰ ব্যৱধান দূৰ কৰাত বিশেষ ভূমিকা ল’ব লাগিব।
খেলুৱৈ, বিজ্ঞানী আৰু কেন্দ্ৰীয় চৰকাৰলৈ অভিনন্দন-
বিজয়দশমী ভাষণত সৰসংঘচালক ডা০ মোহন ভাগৱতে এছিয়ান গেমছত ভাৰতৰ ঐতিহাসিক প্ৰদৰ্শনৰ কথা উল্লেখ কৰে। তেওঁ কয় যে ভাৰতীয় খেলুৱৈসকলে অতি সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল। একে সময়তে চন্দ্ৰযানৰ সফলতাৰ ওপৰত বিশ্বই ভাৰতৰ শক্তি, বুদ্ধিমত্তা আৰু দক্ষতাৰ আভাসও দেখিবলৈ পালে। দেশৰ নেতৃত্বই বিজ্ঞানীসকলৰ দক্ষতাক অধিক শক্তিশালী কৰি তুলিছে। আমাৰ দেশ প্ৰতিটো দিশতে আগবাঢ়ি আছে। অর্থনৈতিক পৰিস্থিতিতো প্রগতি দেখা গৈছে৷ ষ্টাৰ্টআপৰ বিপ্লৱও আমি দেখিছো।
আমাৰ হৃদয়তো বাস কৰক শ্ৰীৰাম –
সংঘৰ মুৰব্বীগৰাকীয়ে কয় যে অহা ২২ জানুৱাৰীত শ্ৰী ৰামলালাক অযোধ্যাত নিৰ্মিত ভৱ্য ৰাম মন্দিৰৰ মণিকূটত প্ৰতিষ্ঠাপিত কৰা হ’ব। ব্যৱস্থাৰ বাধা আৰু সুৰক্ষাৰ সাৱধানতা মনত ৰাখি অযোধ্যাৰ এই শুভ অনুষ্ঠানত সীমিত সংখ্যক লোকেহে অংশগ্ৰহণ কৰিব পাৰিব। পিছত আপোনাৰ সুবিধা অনুযায়ী গৈ ৰামলালাৰ দৰ্শন কৰিব পাৰিব। অযোধ্যাৰ ৰাম মন্দিৰত শ্ৰী ৰামলালাৰ প্ৰৱেশৰ লগে লগে সৰসংঘচালকে সকলোকে হৃদয়ত স্থান ৰাখিবলৈ আৰু অন্তৰত অযোধ্যাক সজাই পৰাই তুলিবলৈ আহ্বান জনায়। তেওঁ কয় যে অযোধ্যাত অনুষ্ঠিত হৈ থকা অনুষ্ঠানৰ সময়ত আমি নিজ নিজ মন্দিৰ আৰু স্থানত ভৱ্য কাৰ্যসূচী আয়োজন কৰি আমাৰ অংশগ্ৰহণ প্ৰকাশ কৰা উচিত।
দেশখনে আম্বেদকাৰৰ আদৰ্শ অনুসৰণ কৰিব লাগে-
দেশত ঐক্য অটুট ৰখাৰ বাবে বিশেষ প্ৰচেষ্টা হাতত লোৱাৰ আহ্বান জনায় আৰ এছ এছৰ সৰসংঘচালকগৰাকীয়ে। ড° বাবাছাহেব আম্বেদকাৰে সংবিধানত ঐক্যৰ নীতি দিছে। দেশে তেওঁৰ আদৰ্শ অনুসৰণ কৰিব লাগিব। সংবিধান দিওঁতে সংবিধান সভাত সন্মানীয় ড০ বাবাছাহেব আম্বেদকাৰে দিয়া ভাষণ দুটাৰ প্ৰতি যদি আমি গুৰুত্ব দিওঁ, তেতিয়াহে আমি ইয়াৰ সাৰমৰ্ম বুজি পাম। আম্বেদকাৰৰ ভাষণ প্ৰত্যেকেই অধ্যয়ন কৰিব লাগে বুলি সৰসংঘচালকগৰাকীয়ে মন্তব্য কৰে।
ভোটদান সমাজৰ জাতীয় কৰ্তব্য-
এই উপলক্ষে ডা০ মোহন ভাগৱতে গণতন্ত্ৰৰ উৎসৱ আৰু ভোটদানৰ গুৰুত্বৰ কথাও সোঁৱৰাই দিয়ে। আগন্তুক লোকসভা নিৰ্বাচন ২০২৪ চনত অনুষ্ঠিত হ’ব বুলিও তেওঁ কয়। নিৰ্বাচনী পথাৰত আৱেগক উচটনি দি ভোট আহৰণৰ প্ৰয়াস আশা কৰা হোৱা নাই যদিও দুৰ্ভাগ্যজনকভাৱে এনে ঘটনা ঘটিয়েই থাকে। সমাজখনক বিভাজিত কৰা এনেবোৰ কথাৰ পৰা আমি নিজকে আঁতৰাই ৰখা উচিত। ভোটদান প্ৰতিজন নাগৰিকৰ কৰ্তব্য। সকলোৱে এয়া মানি চলিব লাগে। দেশৰ ঐক্য, অখণ্ডতা, পৰিচয় আৰু উন্নয়নৰ বিষয়বোৰ মনত ৰাখি সকলোৱে ভোট দিব লাগে। তেওঁ কয় যে উপলব্ধ বিকল্পসমূহৰ ভিতৰত সৰ্বোত্তম বিকল্পৰ ওপৰত ভোটদান কৰিব লাগে।
সংঘৰ প্ৰতিষ্ঠাপকলৈ প্ৰণাম-
সংঘৰ প্ৰতিষ্ঠা দিৱসত বিজয়দশমী ভাষণৰ পূৰ্বে সংঘৰ সৰসংঘচালক ডা° মোহন ভাগৱত আৰু অনুষ্ঠানৰ মুখ্য অতিথি পদ্মশ্ৰী শংকৰ মহাদেৱন (সংগীত শিল্পী আৰু গায়ক) স্মৃতি মন্দিৰলৈ গৈ সংঘৰ প্ৰতিষ্ঠাপক ড° কেশৱ বালিৰাম হেডগেৱাৰৰ প্ৰতিমূৰ্তি আৰু দ্বিতীয় সৰসংঘচালকৰ মাধৱ সদাশিৱ গোলৱালকাৰ উপাখ্যা গুৰুজীৰ স্মৃতিত পুস্পাঞ্জলি অৰ্পন কৰে। ইয়াৰ পূৰ্বে তেওঁ নাগপুৰৰ স্বেচ্ছাসেৱকসকলে উলিওৱা পথ সঞ্চালন (ৰুচ মাৰ্চ) পৰ্যবেক্ষণ কৰিছিল। অনুষ্ঠানৰ স্থানত উপস্থিত হৈ অস্ত্ৰ পূজা কৰে। অনুষ্ঠানত আৰ এছ এছৰ মুৰব্বী দত্তত্ৰেয় হোছবালে, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনৱীছ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, সন্ত, আৰ এছ এছৰ বিশিষ্ট পদাধিকাৰী আৰু সমাজৰ বিশিষ্ট পুৰুষ-মহিলাসকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ/মনিষ/মনোজ/অৰবিন্দ
