নতুন দিল্লী, ২৪ অক্টোবৰ (হি.স.)। অসত্যৰ ওপৰত সত্যৰ জয়ৰ মহান উৎসৱ বিজয়দশমীৰ দিনা মহামহিম ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে দেশলৈ শুভেচ্ছা জ্ঞাপন কৰে।
টুইটাৰত লিখা পোষ্টটোত ৰাষ্ট্ৰপতিয়ে কয়- ‘দশেৰাৰ পবিত্ৰ উৎসৱত সকলো দেশবাসীলৈ মোৰ আন্তৰিক শুভেচ্ছা! বিজয়দশমী নামেৰেও উদযাপন কৰা দশেৰাই আমাক সত্য আৰু ধৰ্মৰ পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰে। এই শুভ উৎসৱত আমি সকলোৱে সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ মনোভাৱেৰে সত্য আৰু ন্যায়ৰ পথত আগবাঢ়ি যাওঁ বুলি কামনা কৰিলোঁ।’
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ শুভেচ্ছা বাৰ্তাত কয়- ‘সমগ্ৰ দেশৰ মোৰ পৰিয়ালৰ সদস্যসকললৈ বিজয়দশমীৰ আন্তৰিক শুভেচ্ছা। এই পবিত্ৰ উৎসৱত নেতিবাচক শক্তিৰ অন্ত পেলোৱাৰ লগতে জীৱনত ভালক গ্ৰহণ কৰাৰ বাৰ্তাও কঢ়িয়াই আনে।’
গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁৰ শুভেচ্ছা বাৰ্তাত কয় – ‘সকলো দেশবাসীলৈ ‘বিজয়দশমী’ত আন্তৰিক শুভেচ্ছা। অধাৰ্মিকতাৰ আন্ধাৰ যিমানেই ঘন নহওক কিয়, সত্যৰ ওপৰত ভিত্তি কৰি ধাৰ্মিকতাৰ পোহৰৰ বিজয় চিৰন্তন। পাপৰ ওপৰত গুণৰ বিজয়ৰ প্ৰতীকস্বৰূপ ‘বিজয়দশমী’ হৈছে আমাক সদায় প্ৰজ্ঞা আৰু সত্যৰ পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত আৰু শিকোৱা এক উৎসৱ। ভগৱান শ্ৰী ৰাম সকলোকে আশীৰ্বাদ কৰক। জয় শ্ৰী ৰাম!’
ইয়াৰ সমান্তৰালকৈ গৃহমন্ত্ৰী অমিত শ্বাহে সংঘৰ প্ৰতিষ্ঠা দিৱসত শুভেচ্ছা জ্ঞাপন কৰি টুইট কৰে- ‘ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠা দিৱসত সকলো স্বেচ্ছাসেৱকক শুভেচ্ছা জনাইছো, যি ভাৰতৰ যুৱ শক্তিত প্ৰথমে ৰাষ্ট্ৰৰ সেৱাৰ মনোভাৱ আৰু ৰাষ্ট্ৰৰ ধাৰণা গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। যোৱা ৯ দশক ধৰি @RSSorg য়ে যুৱ প্ৰজন্মক মাতৃভূমিৰ সেৱা আৰু আত্মসন্মানৰ বাবে প্ৰতিটো কণা আৰু প্ৰতিটো মুহূৰ্ত উৎসৰ্গা কৰিবলৈ অনুপ্ৰাণিত কৰি জাতি গঠনত এক অনন্য অৱদান আগবঢ়াই আহিছে।’
হিন্দুস্থান সমাচাৰ/জিতেন্দ্ৰ/মনোজ
