শিৱসাগৰ, ২২ অক্টোবৰ : শিৱসাগৰ জিলাৰ নাজিৰাৰ নামদঙীয়া কৈৰী গাঁৱত পুৰণি বাহৰ সাকোৰে চলিছে বিপদ সংকুল যাতায়াত। উন্নয়নত ক্ষেত্ৰত নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়া ব্যৰ্থ হোৱাৰ অভিযোগ তুলিছে ভূক্তভোগী ৰাইজে। বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত উন্নয়নৰ এক ফোপোলা স্বৰূপ দেখিবলৈ পোৱা গৈছে নাজিৰাৰ নামদঙ্গীয়া গাঁৱত।
নাজিৰা বিধান সভা সমষ্টিৰ বৰফুকন আৰু দোলাকাষৰীয়া গাঁও পঞ্চায়তৰ মধ্যস্থল নামদাং নৈৰ ওপৰত বছৰ বছৰ ধৰি এডাল বাঁহৰ সাকোৰেই চলি আছে ৰাইজৰ যাতায়াত। ৰাইজৰ এই সমস্যাৰ বুজ ল’বলৈও যেন আহৰি নাই বিধায়ক অথবা চৰকাৰৰ। দুখনকৈ পঞ্চায়তৰ ৰাইজ অহা যোৱা কৰা মূল পথটোৰ ওপৰত থকা বাঁহৰ সাকো ডালেৰে অহা যোৱা কৰাটো কিমান বিপদজনক সেইয়া সকলোৰে জ্ঞাত। এফালে বিজেপি চৰকাৰৰ উন্নয়নৰ শ্লোগান আৰু আনফালে নাজিৰাৰ নামদাং নৈৰ ওপৰত থকা সাকোঁ । আগন্তুক নিৰ্ব্বাচনৰ আগতে যদি এই বাঁহৰ সাকোৰ ঠাইত দলং নিৰ্মাণৰ ব্যৱস্থা নকৰে তেনেহ’লে ৰাইজে ভোট বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰিছে।
