ইছলামাবাদ, ২০ অক্টোবৰ (হি.স.)। পাকিস্তান-আফগানিস্তান সীমান্তৰ সমীপৰ অশান্ত খাইবাৰ পখতুনখোৱা প্ৰদেশত সন্ত্ৰাসবাদীৰ সৈতে হোৱা মুখামুখিত চাৰিজন জোৱান নিহত হয়। এই এনকাউণ্টাৰত আঠজন সন্ত্ৰাসবাদীও নিহত হয়।
এই তথ্য পাকিস্তান সেনাৰ সংবাদ মাধ্যমৰ শাখা আন্তঃসেৱা জনসংযোগৰ উদ্ধৃতি দি সংবাদ মাধ্যমত দিয়া হৈছে। আন্তঃসেৱা জনসংযোগে জনোৱা মতে, খাইবাৰ পখতুনখোৱা প্ৰদেশৰ উত্তৰ ৱাজিৰিষ্টান জনজাতীয় জিলাৰ গেৰিয়াম অঞ্চলত এই মুখামুখি হয়। সেনাৰ এই অভিযানত কুখ্যাত সন্ত্ৰাসবাদী হজৰত জামান ওৰফে খাৱাৰে মুল্লাও নিহত হয়।
খবৰ অনুসৰি নৌশ্বেৰা জিলাত তেহৰিক-ই-তালিবান পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে এটা আৰক্ষী দলক আক্ৰমণ কৰে। এই সময়ছোৱাত প্ৰতিশোধমূলক গুলীচালনাতো দুজন সন্ত্ৰাসবাদী নিহত হয়।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
