-বাইডেনে ৰাষ্ট্ৰৰ আগত দিয়া ভাষণত দোহাৰিলে ইউক্ৰেইন আৰু ইজৰাইলক সমৰ্থন অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি
ৱাশ্বিংটন, ২০ অক্টোবৰ (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে বৃহস্পতিবাৰে পেলেষ্টাইনৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন হামাছ আৰু ৰাছিয়াক গণতন্ত্ৰৰ শত্ৰু বুলি অভিহিত কৰে। অ’ভেল অফিচৰ পৰা দেশখনক টেলিভিছনযোগে দিয়া ভাষণত তেওঁ কয় যে হামাছ আৰু ৰাছিয়া দুয়োখনেই গণতন্ত্ৰ ধ্বংস কৰাৰ বাবে ব্ৰতী হৈ পৰিছে। বাইডেনে ইউক্ৰেইন আৰু ইজৰাইলক আমেৰিকাৰ স্বাৰ্থৰ বাবে গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি দুয়োখন দেশক সহায় আগবঢ়োৱাৰ কথা কয়। এই তথ্য সংবাদ মাধ্যমৰ বাতৰিত দিয়া হৈছে।
বাইডেনে কয় যে হামাছ আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে বিভিন্ন ভাবুকিৰ প্ৰতিনিধিত্ব কৰে। কিন্তু দুয়োৰে উদ্দেশ্য একেই। দুয়োজনে নিজৰ চুবুৰীয়া গণতন্ত্ৰক সম্পূৰ্ণৰূপে ধ্বংস কৰিব বিচাৰে। বাইডেনে কয় যে আমেৰিকাই এক মহান ৰাষ্ট্ৰ হিচাপে নিজৰ দায়িত্ব পালন কৰি আছে। আমেৰিকাই হামাছৰ দৰে সন্ত্ৰাসবাদী আৰু পুটিনৰ দৰে একনায়কত্ববাদীক জয়ী হ’বলৈ দিব নোৱাৰে।
বাইডেনে কয় যে তেওঁৰ বাবে পণবন্দী কৰি লোৱা আমেৰিকানসকলৰ সুৰক্ষাতকৈ কোনো উচ্চ অগ্ৰাধিকাৰ নাই। তেওঁ কয় যে মই পেলেষ্টাইন কৰ্তৃপক্ষৰ ৰাষ্ট্ৰপতি আব্বাছৰ সৈতেও কথা পাতিছো আৰু পুনৰ দোহাৰিছো যে আমেৰিকা পেলেষ্টাইন জনসাধাৰণৰ মৰ্যাদা আৰু আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ প্ৰতি দায়বদ্ধ। ইজৰাইল আৰু ইউক্ৰেইনৰ প্ৰেক্ষাপটত ইৰাণৰ ভূমিকাক সমালোচনা কৰে বাইডেনে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
